দিল্লী সংঘৰ্ষ আছিল পৰিকল্পিত বিশ্বব্যাপী আৰ্হিৰ অংশ - বিশেষজ্ঞসকল
নতুন দিল্লী, ২২ ফেব্ৰুৱাৰী (হি.স.)। দিল্লীৰ সংঘৰ্ষৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে দিল্লীৰ ইণ্ডিয়ান ল ইনষ্টিটিউটত গ্ৰুপ অৱ ইনটেলেকচুৱেলছ এণ্ড একাডেমিচিয়ান (জিআইএ)ৰ উদ্যোগত এক মন্থন অধিৱেশন অনুষ্ঠিত হয়। ইয়াত অংশগ্ৰহণ কৰা বিশেষজ্ঞসকলে ২০২০ চনৰ দিল্লী সংঘ
दिल्ली दंगों की बरसी पर कार्यक्रम


নতুন দিল্লী, ২২ ফেব্ৰুৱাৰী (হি.স.)। দিল্লীৰ সংঘৰ্ষৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে দিল্লীৰ ইণ্ডিয়ান ল ইনষ্টিটিউটত গ্ৰুপ অৱ ইনটেলেকচুৱেলছ এণ্ড একাডেমিচিয়ান (জিআইএ)ৰ উদ্যোগত এক মন্থন অধিৱেশন অনুষ্ঠিত হয়। ইয়াত অংশগ্ৰহণ কৰা বিশেষজ্ঞসকলে ২০২০ চনৰ দিল্লী সংঘৰ্ষক কেৱল স্থানীয় হিংসা নহয়, বৰঞ্চ “পৰিকল্পিত”, “তথ্য যুদ্ধ” আৰু “শাসন ব্যৱস্থা পৰিৱৰ্তন”ৰ পৰিকল্পিত, বিশ্বব্যাপী প্ৰচেষ্টা বুলি অভিহিত কৰে।

দিল্লীৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত এছ.এন. শ্ৰীবাস্তৱে কয় যে দিল্লী সংঘৰ্ষ এক বহল বিশ্বব্যাপী আৰ্হি (পেটাৰ্ন)ৰ অংশ আছিল য’ত সংঘৰ্ষক শাসন ব্যৱস্থা পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। এনে সংঘৰ্ষৰ সময়ত আৰক্ষীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দিল্লীৰ সংঘৰ্ষকাৰীসকলে সম্ভাৱ্য কঠোৰ আৰক্ষী ব্যৱস্থাৰ আশা কৰিছিল, যিয়ে প্ৰতিবাদক আৰু অধিক উচটনি দিব পাৰে, যিটো বাংলাদেশ আৰু নেপালত দেখা গৈছে।

ৰ'ৰ প্ৰাক্তন মুৰব্বী সঞ্জীৱ ত্ৰিপাঠীয়ে পঞ্চম প্ৰজন্মৰ তথ্য যুদ্ধৰ ধাৰণাটোৰ বিষয়ে বিশদভাৱে কয় আৰু আধুনিক হাইব্ৰিড সংঘাতত সংঘৰ্ষক কেনেকৈ আখ্যান নিৰ্মাণ, মানসিক কাৰ্য্যকলাপ আৰু কৌশলগত ভুল তথ্যৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয় সেই বিষয়ে ব্যাখ্যা কৰে।

বাংলাদেশৰ আৰ্হিৰ উদ্ধৃতি দি ৰাষ্ট্ৰদূত বীনা ছিক্ৰীয়ে কয় যে এনে ঘটনাত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল কোনে আখ্যান নিয়ন্ত্ৰণ কৰে। ৰাজনৈতিক ফলাফলক প্ৰভাৱিত কৰাত ধাৰণা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় বাৰ্তা ব্যৱস্থাপনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁ আঙুলিয়াই দিয়ে।

জিআইএৰ আহ্বায়ক মনিকা আৰোৰাই কয় যে দিল্লী সংঘৰ্ষ শাসন ব্যৱস্থাক অস্থিৰ কৰাৰ লক্ষ্যৰে কৰা এক “পৰীক্ষা” আছিল। এই বিষয়ত শৈক্ষিক অধ্যয়ন আৰু জনসচেতনতা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিশিষ্ট নাগৰিক চন্দৰ ৱাধাৱানে তথাকথিত ডীপ ষ্টেটৰ ভূমিকা সম্পৰ্কে বিশ্লেষণ দাঙি ধৰি ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰে।

এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত, জ্যেষ্ঠ আৰক্ষী বিষয়া, অধিবক্তা, বিশিষ্ট নাগৰিককে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande