
কাঠমাণ্ডু, ২২ ফেব্ৰুৱাৰী (হি.স.)। নেপালৰ ৰাউতহাট জিলাৰ গৌড়ত দুটা জনগোষ্ঠীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ ফলত আজিও অনিৰ্দিষ্টকালীন সান্ধ্য আইন অব্যাহত আছে । উত্তেজনাৰ পৰিপ্ৰেক্ষিতত গৌৰ চহৰত সেনাবাহিনী মোতায়েন কৰা হৈছে। জিলা প্ৰশাসনে এই কথা নিশ্চিত কৰি কয় যে শেহতীয়া অশান্তিৰ পিছত নিৰাপত্তা আৰু জনশৃংখলা বজাই ৰখাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ৰাউতাহাট জিলাৰ দণ্ডাধীশ দীনেশ সাগৰ ভূছালে কয় যে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই সান্ধ্য আইন প্ৰযোজ্য হৈ থাকিব। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনে। দুস্কৃতিকাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সেনাক মাতি অনা হৈছে।
গৌড়ৰ নিষিদ্ধ এলেকা পূবে মুদবলৱা গেট আৰু পশ্চিমে লালবাকীয়া বান্ধত, উত্তৰে বাম খালৰ পৰা দক্ষিণে গৌড় শুল্ক কাৰ্যালয়ৰ সীমালৈকে সীমাবদ্ধ। এই পৰিধিৰ ভিতৰত চলাচল, সমাৱেশ, বিক্ষোভ, আৰু যিকোনো ধৰণৰ ৰাজহুৱা কাৰ্য্যকলাপ কঠোৰভাৱে নিষিদ্ধ।
স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোক আৰু হিন্দু বিবাহ দলৰ সদস্যৰ মাজত হোৱা বিবাদৰ ফলত শনিবাৰে দিনৰ ১ বজাত প্ৰথমে জাৰি কৰিছিল সান্ধ্য আইন। বিষয়াসকলৰ মতে, পৰিস্থিতি বহুলাংশে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে আৰু স্থায়ী শান্তি নিশ্চিত কৰাৰ বাবে সান্ধ্য আইন বৃদ্ধি কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া