
কোকৰাঝাৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। কালি নিশা কোকৰাঝাৰৰ নাইগাঁও কেতেংগাঝোৰাত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গৰু চুৰিৰ ঘটনাই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। জয়ানন্দ উৰাও নামৰ এজন ব্যক্তিৰ বাসগৃহৰ গোহালিৰ পৰা গৰু চুৰি কৰি নিয়াৰ সময়তে ৰাইজে হাতেলোটে এজন চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
তেওৰ দুজন সহযোগী ৰাইজৰ চকুত ধুলি মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। মাৰুতি বাহনলৈ আহিছিল গৰু চুৰ কৰিবলৈ । পিছত ৰাইজে মাৰপিট কৰাৰ পিছত চোৰজনক আৰক্ষীৰ হাতত গোটাই দিয়ে। অভিযোগ অনুসৰি, বিগত সময়ছোৱাত এই অঞ্চলৰ পৰা প্ৰায় ৩০টা গৰু চুৰি কৰা হৈছে।
ইতিমধ্যে অঞ্চলবাসীয়ে ঘটনাটোৰ উচিত তদন্ত আৰু আৰক্ষীৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ