
- এসপ্তাহত ১,৫৩০ টকাকৈ ব্যয়বহুল হৈ পৰিল সোণ
নতুন দিল্লী, ২২ ফেব্ৰুৱাৰী (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত দেওবাৰে বৃদ্ধি পালে সোণ আৰু ৰূপৰ মূল্য। সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৮৯০ টকাৰ পৰা ১,৯০০টকালৈ বৃদ্ধি হৈছে। একেদৰে আজি ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ৫১০০ টকা বৃদ্ধি পাইছে। এই মূল্যবৃদ্ধিৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৯,২৮০ টকাৰ পৰা ১,৫৯,৪৩০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৬,০০০ টকাৰ পৰা ১,৪৬,১৫০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৭৫,০০০ টকাত বিক্ৰী কৰা হৈছে।
সাপ্তাহিক ভিত্তিত সোমবাৰৰ পৰা শনিবাৰলৈ চলি থকা ব্যৱসায়ৰ সময়ত সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৫৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। একেদৰে ২২ কেৰেটৰ সোণো বিগত এসপ্তাহৰ ভিতৰত প্ৰতি ১০ গ্ৰামত ১৪০০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। এই সপ্তাহত ৰূপৰ মূল্যৰ ধাৰাবাহিক উঠা-নমা চলি থকাৰ পাছতো সাপ্তাহিক ভিত্তিত কোনো পৰিৱৰ্তন হোৱা নাই। আজি দিল্লীত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৫৯,৪৩০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,১৫০ টকাত ৰেকৰ্ড কৰা হৈছে। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৫৯,২৮০ টকা আৰু ২২ কেৰেটৰ সোণ ১,৪৬,০০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৯,৩৩০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৬,০৫০ টকা ৰেকৰ্ড কৰা হৈছে।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত আজি ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৯,২৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪৬,০০০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাত ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৯,২৮০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,০০০ টকা। ভূপালত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৯,৩৩০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,০৫০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৯,৪৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৪৬,১৫০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৯,৩৩০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৬,০৫০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৯,৪৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৬,১৫০ টকাত বিক্ৰী হৈছে।
সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য শক্তিশালী হৈছে। ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৯,২৮০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৬,০০০ ₹ত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া