ৰঙিয়াত বেচৰকাৰী সংস্থা চেৰিটি চেম্পিয়নৰ উদ্যোগত অনুষ্ঠিত শৰীৰ চৰ্চা প্ৰতিযোগিতা
কামৰূপ, ২২ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়া ব্ৰিকফিল্ড কলণী স্থিত ৰেলৱে ছিনিয়ৰ ইনষ্টিটিউট প্ৰেক্ষাগৃহত বেচৰকাৰী সংস্থা চেৰিটি চেম্পিয়নৰ উদ্যোগত অনুষ্ঠিত হয় শৰীৰ চৰ্চা প্ৰতিযোগিতা । ক্লাছিক শৰীৰ চৰ্চা প্ৰদৰ্শন প্ৰতিযোগিতাত অসমৰ বিভিন্ন অঞ্চলৰ পৰা বহু কে
ৰঙিয়াত বেচৰকাৰী সংস্থা চেৰিটি চেম্পিয়নৰ উদ্যোগত অনুষ্ঠিত শৰীৰ চৰ্চা প্ৰতিযোগিতা


কামৰূপ, ২২ফেব্ৰুৱাৰী (হি.স.)। ৰঙিয়া ব্ৰিকফিল্ড কলণী স্থিত ৰেলৱে ছিনিয়ৰ ইনষ্টিটিউট প্ৰেক্ষাগৃহত বেচৰকাৰী সংস্থা চেৰিটি চেম্পিয়নৰ উদ্যোগত অনুষ্ঠিত হয় শৰীৰ চৰ্চা প্ৰতিযোগিতা । ক্লাছিক শৰীৰ চৰ্চা প্ৰদৰ্শন প্ৰতিযোগিতাত অসমৰ বিভিন্ন অঞ্চলৰ পৰা বহু কেইজন শৰীৰ চৰ্চাবিদে অংশগ্ৰহণ কৰে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিজেপি দলৰ ৰাজ্যিক সম্পাদক তথা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে ৰঙিয়াৰ কেইবাজনো বিশিষ্ট ব্যাক্তি।

ৰঙিয়াত অনুষ্ঠিত হোৱা এই শৰীৰ চৰ্চা প্ৰদৰ্শন প্ৰতিযোগিতাৰ জৰিয়তে ৰঙিয়াৰ যুৱক সকল শৰীৰ চৰ্চাৰ ওপৰত যথেষ্ট উৎসাহিত হ'ব বুলি মত প্ৰকাশ কৰে অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই। আনহাতে অনুষ্ঠানৰ শেষত বিজয়ী হোৱা প্ৰতিযোগী সকলক একোখনকৈ মানপত্ৰ, একোটাকৈ মেডেলৰ লগতে বঁটা আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande