নাৰায়ণপুৰ ৰাজীৱ ভৱনত ভুপেন বৰাৰ শৱ যাত্ৰা কৰি পুত্তলিকা দাহ কংগ্ৰেছ কৰ্মীৰ
লক্ষীমপুৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। ভুপেন বৰাই বিজেপিত যোগদান কৰাৰ দিনাই বিহপুৰীয়া সমষ্টিত ব্যাপক প্ৰতিক্ৰিয়া ৷ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ ৰাজীৱ ভৱন আৰু বিহপুৰীয়া ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাৰায়ণ ভূঞা ওৰফে ৰামৰ নেতৃত্বত ভুপে
নাৰায়ণপুৰ ৰাজীৱ ভৱনত ভুপেন বৰাৰ শৱ যাত্ৰা কৰি পুত্তলিকা দাহ কংগ্ৰেছ কৰ্মীৰ


লক্ষীমপুৰ, ২২ ফেব্ৰুৱাৰী (হি.স.)। ভুপেন বৰাই বিজেপিত যোগদান কৰাৰ দিনাই বিহপুৰীয়া সমষ্টিত ব্যাপক প্ৰতিক্ৰিয়া ৷ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ ৰাজীৱ ভৱন আৰু বিহপুৰীয়া ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাৰায়ণ ভূঞা ওৰফে ৰামৰ নেতৃত্বত ভুপেন বৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ নাৰায়ণপুৰ ৰাজীৱ ভৱনত ভুপেন বৰাৰ শৱ যাত্ৰা কৰি দাহ কৰিলে কংগ্ৰেছ কৰ্মীয়ে ৷ আনহাতে কংগ্ৰেছৰ আন এগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী নৱজিত বৰাই নাৰায়ণপুৰৰ ফুলনি থানত শৰাই আগবঢ়াই কংগ্ৰেছৰ পৰা বোজা আতৰিল বুলি মন্তব্য কৰে ৷

ইপিনে বিহপুৰীয়া সমষ্টিৰ বিজেপি কৰ্মী সকলে নাৰায়ণপুৰৰ বৰ খামটি পথাৰত সমবেত হৈ ভোজ ভাত খোৱাৰ লগতে বিহপুৰীয়াত থলুৱা ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী কৰে ৷ বিজেপি কৰ্মী সকলে বৰ্তমানৰ বিধায়ক অমিয় ভূঞাক সমালোচনা কৰি তেৱঁৰো প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande