পূঁজিপতি ব্যৱসায়ীৰ বিৰুদ্ধে বলপূৰ্বক মাটি দখলৰ অভিযোগ
পূঁজিপতি ব্যৱসায়ীৰ বিৰুদ্ধে বলপূৰ্বক মাটি দখলৰ অভিযোগ।
পূঁজিপতি ব্যৱসায়ীৰ বিৰুদ্ধে বলপূৰ্বক মাটি দখলৰ অভিযোগ


শিৱসাগৰ, ২২ ফেব্ৰুৱাৰী (হি.স.): শিৱসাগৰত পূঁজিপতি ব্যৱসায়ীৰ বিৰুদ্ধে বলপূৰ্বক মাটি দখলৰ অভিযোগ উত্থাপিত হৈছে। এসময়ত সুৰা সম্ৰাট আখ্যা পোৱা পূঁজিপতি ব্যৱসায়ী তথা প্ৰগতি নাৰ্চিং হোমৰ স্বত্বাধিকাৰী প্ৰসন্ন দত্তৰ বিৰুদ্ধে বলপূৰ্বক মাটি দখলৰ অভিযোগ উঠিছে। এইক্ষেত্ৰত প্ৰসন্ন দত্তৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ ১ নং চাউলকৰা গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ ৩০৯ পট্টা আৰু ২২১৭,২২৪১ দাগ নম্বৰৰ ১৭ লোচা মাটি প্ৰসন্ন দত্তই দখল কৰাৰ অভিযোগ আনিলে ভুক্তভোগীয়ে। অভিযোগকাৰী চাহিদা বেগম আৰু ৱাহিদ আলিৰ মতে ব্যক্তিগত বিদ্যালয় নিৰ্মাণৰ নামত কৌশলেৰে মাটি দখল কৰিছে প্ৰসন্ন দত্তই। মাটি দখল কৰি পকী বেৰা মাৰিছে প্ৰসন্ন দত্তই।

একেদৰে ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । মাটি বেদখল কৰাৰ লিখিত অভিযোগ প্ৰদান কৰাৰ পাছতো গুৰুত্ব দিয়া নাই ৰাজহ চক্ৰ বিষয়াই। জিলা আয়ুক্তকো লিখিত অভিযোগ দাখিল কৰা হৈছে।এজাহাৰ দাখিলৰ পাছতো নিৰ্লিপ্ত ভূমিকা পালন কৰি আছে শিৱসাগৰ আৰক্ষীয়ে । উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিল ভুক্তভোগী। ন্যায়ৰ বাবে আহ্বান জনালে ভুক্তভোগী চাহিদা বেগম আৰু ৱাহিদ আলিয়ে। লগতে পূঁজিপতি ব্যৱসায়ী প্ৰসন্ন দত্তৰ সৈতে জিলা প্ৰশাসন আৰু আৰক্ষীৰ মিতিৰালিৰ অভিযোগ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande