
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টিয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যতে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰে। ৰাজ্যসভাৰ তিনিওখন আসনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ মূল নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে পোনপটীয়াকৈ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। তৃতীয়খন আসনৰ সন্দৰ্ভত তেওঁ কয় যে বিৰোধীৰ কৌশলৰ ওপৰত নজৰ ৰাখি দলটোৱে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰিব।
মুখ্যমন্ত্রী শৰ্মাই ৰাজ্যসভাৰ নির্বাচনত বিপিএফ দলে কোনো আসনৰ দাবী কৰা নাই বুলিও অৱগত কৰে৷ বৈঠকখনক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে ইয়াত সাংগঠনিক আৰু নিৰ্বাচনী কৌশলৰ সৈতে জড়িত কেইবাটাও মূল সিদ্ধান্ত লোৱা হৈছিল।
ড০ শৰ্মাই আস্থা প্ৰকাশ কৰে যে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে বিজেপিয়ে ৰাজ্যত জনসম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে আগন্তুক ৰাজনৈতিক কাৰ্যকলাপৰ প্ৰতি ব্যাপক সমৰ্থন লাভ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া