ৰঙিয়াত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সম্পাদক
কামৰূপ, ২২ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ বিজেপি দলৰ ৰাজ্যিক সম্পাদক তথা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ। বিজেপি দলৰ বৰলীয়া ব্লক মণ্ডলৰ অন্তৰ্গত আৰিমত্ত বৈদ্যগড় গাওঁ পঞ্চায়তৰ ৯ নং বুথৰ তুলসীবাৰীৰ মাহতলি স্থিত গ
ৰঙিয়াত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সম্পাদক


কামৰূপ, ২২ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ বিজেপি দলৰ ৰাজ্যিক সম্পাদক তথা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ। বিজেপি দলৰ বৰলীয়া ব্লক মণ্ডলৰ অন্তৰ্গত আৰিমত্ত বৈদ্যগড় গাওঁ পঞ্চায়তৰ ৯ নং বুথৰ তুলসীবাৰীৰ মাহতলি স্থিত গোপাল গোসাঁইৰ নামঘৰ প্ৰাঙ্গণত আয়োজিত মন কি বাত অনুষ্ঠানত উপস্থিত থাকে যুৱ নেতাগৰাকী ।

ইফালে মন কি বাত অনুষ্ঠানৰ সামৰণিৰ পিছতে মুকলি সভা সম্বোধন কৰে ৰাতুল শৰ্মাই । সভাত সমবেত ৰাইজক উদ্দেশ্যে ৰখা ভাষণ প্ৰসঙ্গত শৰ্মাই কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সামগ্ৰিক উন্নয়নৰ গতি ত্বৰান্বিত হৈছে । বিজেপি দলৰ নেতৃত্বাধীন দ্বৈত ইঞ্জিনৰ চৰকাৰৰ দিনত দূৰ্ণীতি অনীতিৰ অৱসান ঘটিছে । শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সাধাৰণ পৰিয়ালৰ সন্তানেও কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱাটোৱে ইয়াৰ চূড়ান্ত নিদৰ্শন ৰূপে অভিহিত কৰে ৰাতুল শৰ্মাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande