
নলবাৰী, ২২ ফেব্ৰুৱাৰী (হি.স.): নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা। নিষিদ্ধ ড্ৰাগছ সহ তিনিজনক আটক কৰা হৈছে।
এক গোপন সূত্ৰৰ পমখেদি মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে ৰামপুৰত যোৱা কালি শনিবাৰে বিয়লি অবৈধ ড্ৰাগছ্ বিক্ৰীৰ চেষ্টা চলাই থকা অৱস্থাত ড্ৰাগছ্ সহ তিনিজনক আটক কৰিবলৈ সক্ষম হয়। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া 'জ্যোতিষ গৈয়াৰী আৰু দৌলাশাল আৰক্ষী চকী'ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া'জ্যোতি কমল বনিয়া'ৰ নেতৃত্বত আৰক্ষীসহ এটি সজাতি দলে এই অভিযান চলায়।
অভিযানত আটক কৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন বৰপেটা জিলাৰ কয়াকুছিৰ, খাপলাভিঠা গাঁৱৰ শ্বাহিল আহমেদ(২৪), ৰকিবুল ইছলাম (৩০) আৰু ছাদ্দাম দেৱান (২৮) বুলি পৰিচয় পোৱা গৈছে। অভিযানকাৰী আৰক্ষীৰ দলে ধৃত ড্ৰাগছ্ ব্যৱসায়ী কেইজনৰ পৰা ৩.৯২ হেৰ'ইন, ৩ টা কণ্টেইনাৰ, নগদ টকা আৰু ৩৩ খন এ টি এম কাৰ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত ব্যৱসায়ীজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২১/২৬ নম্বৰ গোচৰৰ ভিত্তিত বৰ্তমান মুকালমুৱা আৰক্ষী থানাত সোধা-পোছা চলি আছে । মদ, ভাং, নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে দৌলাশাল আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ