
ঢাকা, ২২ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ য়ে মিৰপুৰৰ জাহাজ বাৰীত সংঘটিত হোৱা ভুৱা অভিযানত ৯ জন যুৱকক হত্যা কৰাৰ সৈতে জড়িত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আন পাঁচজন পলাতক অভিযুক্তক আত্মসমৰ্পণৰ দাবীত বাতৰি কাকতত প্ৰকাশৰ নিৰ্দেশ দিছে। পৰৱৰ্তী শুনানিৰ বাবে ৮ মাৰ্চৰ দিন নিৰ্ধাৰণ কৰিছে ন্যায়াধিকৰণে।
ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি দেওবাৰে এই নিৰ্দেশ জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ৰ দুজনীয়া বিচাৰপীঠে। এই গোচৰৰ আঠজন অভিযুক্তৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। বাকী ছয়জনক আদালতত হাজিৰ হ’বলৈ মাতিবলৈও নিৰ্দেশ দিয়া হৈছে এই আদেশত। ধৃত অভিযুক্ত দুজন হৈছে প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক এ কে এম শ্বাহিদুল হক আৰু ঢাকা মহানগৰৰ প্ৰাক্তন আয়ুক্ত এম ডি আছাদুজ্জামান মিঞা। পলাতক অভিযুক্তৰ ভিতৰত আছে প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমল, শ্বেখ মহম্মদ মাৰুফ হাছান, মনিৰুল ইছলাম, কৃষ্ণপদা ৰায় আৰু আব্দুল বাটেন (সকলো প্ৰাক্তন বিষয়া)।
हिन्दुस्थान समाचार / অৰৱিন্দ