

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)।আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ দুগৰাকী প্রখ্যাত ব্যক্তিৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰখ্যাত চিত্ৰশিল্পী আদ্যা শৰ্মাৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ছ'চিয়েল মিডিয়া যোগে প্ৰেৰণ কৰা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিষ্ণু ৰাভা বঁটা আৰু নলবাৰী ৰত্নকে ধৰি বিভিন্ন সন্মানেৰে সন্মানিত এই জীৱন শিল্পী গৰাকীয়ে কেৱল চিত্ৰকলাৰ জগতখনতেই নহয়, জীপাল নাট্যক্ষেত্ৰখনত এজন কলা পৰিচালক হিচাপেও নিজৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিছিল।
নলবাৰীবাসীৰ মাজত বিখ্যাত গুৰুজী নামেৰে পৰিচিত তেওঁৰ জীৱন দৰ্শন, অনুশাসন, শিল্পী হিচাপে সততাই সদায় ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব।
একেদৰে মুখ্যমন্ত্ৰীয়ে অসমীয়া কবিতা সাহিত্যৰ শ্ৰদ্ধাৰ কবি বিনন্দ চন্দ্ৰ বৰুৱাক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁৰ বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ দেশপ্ৰেমমূলক কবিতাসমূহ অসমৰ গৌৰৱময় পৰম্পৰা আৰু জাতীয় চেতনাৰ এক শক্তিশালী প্ৰতিধ্বনি। সাহিত্য আৰু শিক্ষা উভয়ৰে এক প্ৰেৰণাদায়ক কণ্ঠ কবিৰ সৃষ্টিশীলতাই আমাৰ জাতীয় জীৱনক সদায় অনুপ্ৰাণিত কৰিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ