বিজেপিত যোগদান কৰাৰ লগে লগে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিযুক্ত ভূপেন বৰা
- ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্টৰ ভিতৰত ড° সঞ্জু বৰুৱা আৰু শংকৰজ্যোতি বৰুৱাক অন্তৰ্ভুক্ত গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা একাংশ জ্যেষ্ঠ নেতাক দলটোৱে আজি গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিছে । বিজেপিৰ ৰাজ্যি
भाजपा लोगो


- ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্টৰ ভিতৰত ড° সঞ্জু বৰুৱা আৰু শংকৰজ্যোতি বৰুৱাক অন্তৰ্ভুক্ত

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.)। অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা একাংশ জ্যেষ্ঠ নেতাক দলটোৱে আজি গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিছে । বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে তিনিজন নেতাক সাংগঠনিক নিযুক্তি প্ৰদান কৰে।

অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাৰ স্বাক্ষৰিত এখন পত্ৰত উল্লেখ কৰা হৈছে যে ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।

যুৱ কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক ড০ সঞ্জু বৰুৱাই আজি বিজেপিত যোগদান কৰাৰ লগে লগে দলৰ মিডিয়া পেনেলিষ্টৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। আন এগৰাকী বিশিষ্ট নেতা শংকৰজ্যোতি বৰুৱাকো দলৰ মিডিয়া পেনেলিষ্টৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত উপৰোক্ত নেতাসকলে বিজেপিত যোগদান কৰে। দলীয় গুৰুত্বপূৰ্ণ পদত তেওঁলোকৰ নিযুক্তিয়ে এই নেতাসকলৰ উচ্চতাৰ প্ৰতিফলন ঘটাব বুলি ধাৰণা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande