পাকিস্তানক উপযুক্ত প্ৰত্য়ুত্তৰৰ সকীয়নী আফগানিস্তানৰ
কাবুল, ২২ ফেব্ৰুৱাৰী (হি.স.)। আফগানিস্তানে দেশখনত পাকিস্তানৰ বিমান আক্ৰমণক গুৰুত্বসহকাৰে লৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিমান আক্ৰমণক গৰিহণা দি কয় যে উপযুক্ত প্ৰত্য়ুত্তৰ দিয়া হ’ব। আফগানিস্তানৰ ইছলামিক আমিৰশ্বাহীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে (ৰাষ্ট্ৰ
पाकिस्तान के दुनिया न्यूज चैनल ने हवाई हमले से अफगानिस्तान में हुई तबाही के फोटो अपनी खबर के साथ प्रसारित किए हैं।


কাবুল, ২২ ফেব্ৰুৱাৰী (হি.স.)। আফগানিস্তানে দেশখনত পাকিস্তানৰ বিমান আক্ৰমণক গুৰুত্বসহকাৰে লৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিমান আক্ৰমণক গৰিহণা দি কয় যে উপযুক্ত প্ৰত্য়ুত্তৰ দিয়া হ’ব। আফগানিস্তানৰ ইছলামিক আমিৰশ্বাহীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে (ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়) আজি প্ৰকাশ কৰে যে পাকিস্তানী সেনাই পুনৰবাৰ নংগাৰহৰ আৰু পাক্তিকা প্ৰদেশত আক্ৰমণ কৰি দেশখনৰ আকাশমাৰ্গ উলংঘা কৰিছে।

আৰিয়ানা নিউজৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এই আক্ৰমণত ধৰ্মীয় চেমিনাৰী আৰু কেইবাটাও অসামৰিক ঘৰক লক্ষ্য কৰি লোৱা হৈছে। এই আক্ৰমণত মহিলা আৰু শিশুকে ধৰি সাধাৰণ নাগৰিক নিহত হয়। মন্ত্ৰালয়ে এই বিমান আক্ৰমণক কঠোৰভাৱে গৰিহণা দি আফগানিস্তানৰ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ স্পষ্ট উলংঘা আৰু আন্তঃৰাষ্ট্ৰীয় আইন, ইছলামিক নীতি আৰু চুবুৰীয়া সম্পৰ্কৰ নীতি-নিয়ম উলংঘা বুলি অভিহিত কৰে।

বিবৃতিটোত দৃঢ়তাৰে কোৱা হৈছে যে দেশখনৰ সাৰ্বভৌমত্ব আৰু নাগৰিকক সুৰক্ষা দিয়াটো আফগান নিৰাপত্তা বাহিনীৰ বাবে ধৰ্মীয় দায়িত্ব আৰু ৰাষ্ট্ৰীয় কৰ্তব্য দুয়োটা। ইয়াত সকীয়াই দিয়া হৈছে যে সঠিক সময়ত হিচাপ-নিকাচ আৰু উপযুক্ত সঁহাৰি দিয়া হ’ব। মন্ত্ৰালয়ে কয় যে ৰাজহুৱা স্থান আৰু ধৰ্মীয় প্ৰতিষ্ঠানত আক্ৰমণে পাকিস্তানৰ চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাৰ অযোগ্যতা প্ৰদৰ্শন কৰে। এনেধৰণৰ আক্ৰমণে ইছলামীবাদৰ আভ্যন্তৰীণ অভাৱ লুকুৱাব নোৱাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande