জাগীৰোডত ডাম্পাৰৰ খুন্দাত নিহত মানশিক বিকাৰগ্ৰস্থ মহিলা
মৰিগাও, ২২ ফেব্ৰুৱাৰী (হি.স.)। জাগীৰোডত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য ৷ শনিবাৰে নিশা দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিয়ে এগৰাকী মহিলাক ৷ দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰায় ৫০ ফুট দুৰলৈ চিটিকি পৰে মহিলা গৰাকীৰ অংগ-প্ৰত্যংগ ৷ জাগীৰোডৰ চাৰিআলিত সংঘটিত হয় এ
জাগীৰোডত ডাম্পাৰৰ খুন্দাত নিহত মানশিক বিকাৰগ্ৰস্থ মহিলা


মৰিগাও, ২২ ফেব্ৰুৱাৰী (হি.স.)। জাগীৰোডত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য ৷ শনিবাৰে নিশা দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিয়ে এগৰাকী মহিলাক ৷ দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰায় ৫০ ফুট দুৰলৈ চিটিকি পৰে মহিলা গৰাকীৰ অংগ-প্ৰত্যংগ ৷ জাগীৰোডৰ চাৰিআলিত সংঘটিত হয় এই ঘটনা ৷ নিহত মহিলাগৰাকী আছিল মানসিকভাৱে অসুস্থ ৷ কোনো মানৱৰূপী দানৱৰ কামনাৰ বলী হৈ কিছুদিন পূৰ্বে প্ৰসৱ কৰিছিল এটি সন্তান ৷

জাগীৰোড আৰক্ষী থানাৰ সন্মূখতে প্ৰসৱ কৰিছিল সন্তানটো ৷ জন্মৰ পিছতে কন্যা সন্তানটোৰ হৈছিল মৃত্যু ৷ তাৰ পিছৰে পৰা মানসিকভাৱে অসুস্থ মহিলা গৰাকীয়ে ঘুৰি ফুৰিছিল অলিয়ে গলিয়ে ৷ শনিবাৰে নিশা মৰিগাঁও দিশৰ পৰা ৰেল উৰণ সেঁতুৰে তীব্ৰবেগত নামি অহা ডাম্পাৰৰ খুন্দাত নিহত হয় মহিলা গৰাকীৰ ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰ খনে ৷ ঘটনাস্থলীত উপস্থিত হৈ জাগীৰোড আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলা গৰাকীৰ ছিন্ন বিছিন্ন মৃতদেহ ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande