তিতাবৰত টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন
যোৰহাট, ২২ফেব্ৰুৱাৰী (হি.স.)। তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা । তিতাবৰৰ মাধপুৰৰ শল''গুৰি তিনিআলিত বাইক আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ। টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন বাইক আৰোহী। বাইক আৰোহী জনক ভূলুকীচুকৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত সংঘ
তিতাবৰত টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন


যোৰহাট, ২২ফেব্ৰুৱাৰী (হি.স.)। তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা । তিতাবৰৰ মাধপুৰৰ শল'গুৰি তিনিআলিত বাইক আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ। টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন বাইক আৰোহী। বাইক আৰোহী জনক ভূলুকীচুকৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।

বাইক আৰোহী জনক তিতাবৰ বিৰিণাশায়েকৰ ঋতুপূৰ্ণ কোঁৱৰ (৪৫)বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱা টেম্পো খনৰ নং এএছ ০৩চিচি ৮২৭৯ আৰু বাইক খনৰ নং এএছ-০৩আৰ ৫২৪১ । ঘটনাস্থলীত মাধপুৰ আৰক্ষী উপস্থিত হৈ নিহত ব্যক্তি জনৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষা কৰাৰ বাবে জেএমচিএইচলৈ প্ৰেৰণ কৰে

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande