বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আক্ৰাছুৰ হুংকাৰ
বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আক্ৰাছুৰ হুংকাৰ।
বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আক্ৰাছুৰ হুংকাৰ


বঙাইগাঁও, ২২ ফেব্ৰুৱাৰী (হি.স.): বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ই নিজ সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ সমৰ্থনত সৰৱ হৈ পৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰায় ৩০ টা কোঁচ ৰাজবংশী অধ্যুষিত অঞ্চলত প্ৰাৰ্থিত্ব দিয়াৰ দাবী জনাইছে আক্ৰাছুৱে।

বঙাইগাঁৱৰ হোটেল জাহ্নবীত যোৱা কালি শনিবাৰে বিয়লি অনুষ্ঠিত ৰাজনৈতিক পৰ্যালোচনা সভাত এই মন্তব্য কৰিছে আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বলোৰাম বৰ্মনে।প্ৰতিটো ৰাজনৈতিক দলক ১৪খন কৈ বিধানসভা সমষ্টিত কোঁচ ৰাজবংশী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহবান জনায় আক্ৰাছুৰ নেতৃত্বই। যদি কোনো দলে এই কথা মানি নলয় তেনেহলে ৩০ খনকৈ আসনত সংগঠনটো দিব নিজাববীয়াকৈ কোঁচ ৰাজবংশী প্ৰাৰ্থী।লগতে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে।

উক্ত ৰাজনৈতিক পৰ্যালোচনা সভাত আক্ৰাছুৰ লগতে কোঁচ ৰাজবংশী সন্মিলনী, কেআৰএছএছ, যুৱ সন্মিলনী আৰু কেইবাটাও কোঁচ ৰাজবংশী সংগঠনে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande