
–২৮ ফেব্ৰুৱাৰীত ঢেকীয়াজুলি সমষ্টিৰ গুপ্তেশ্বৰ দেৱালয়ৰ পৰা জন আশীর্বাদ যাত্ৰাৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই
–১৩ আৰু ১৪ মাৰ্চত দুদিনীয়া ভ্রমণসূচীৰে পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী (হি.স.) ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এক সংবাদমেল সম্বোধন কৰি দলৰ সভাপতি দিলীপ শইকীয়াই ভাৰতীয় জনতা পার্টিৰ উদ্যোগত হ'বলগীয়া জন আশীৰ্বাদ যাত্রা কাৰ্যসূচীৰ বিষয়ে বিস্তাৰিতভাবে উল্লেখ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ জয় সুনিশ্চিত কৰাৰ বাবে বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্য জনসাধাৰণৰ মাজলৈ লৈ যোৱাটোৱে এই যাত্ৰাৰ মূল উদ্দেশ্য বুলি সভাপতি গৰাকীয়ে সদৰি কৰে।
উক্ত সংবাদমেলত বিধানসভা নির্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক তথা সাংসদ প্রদান বৰুৱা, সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শর্মা, কেবিনেট মন্ত্রী অশোক সিংঘাল, ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামী উপস্থিত থাকে। অহা ২৮ ফেব্ৰুৱাৰী পৰা ৯ মাৰ্চলৈ প্রথম পর্যায়ত ৩৪ টা বিধানসভা সমষ্টি সামৰি জন আশীর্বাদ যাত্রা ৰূপায়ণ কৰা হ'ব। এই যাত্ৰাৰ মুখ্য আহ্বায়ক হিচাপে কেবিনেট মন্ত্রী অশোক সিংঘালৰ লগতে সহ আহ্বায়ক হিচাপে কেন্দ্রীয় মন্ত্রী তথা সাংসদ পবিত্র মাৰ্ঘেৰিটা, সাধাৰণ সম্পাদক অনুপ বর্মন আৰু যোৰহাট জিলাৰ প্রভাৰী মৃগাংক বর্মনক বিজেপি দলে দায়িত্ব অর্পন কৰিছে।
মুখ্যমন্ত্রী ডা০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অহা ২৮ ফেব্ৰুৱাৰীত ঢেকীয়াজুলি সমষ্টিৰ গুপ্তেশ্বৰ দেৱালয়ৰ পৰা বিজেপিৰ জন আশীর্বাদ যাত্রা আৰম্ভ হোৱাৰ লগতে প্ৰতিখন সভাত মুখ্যমন্ত্রী গৰাকী উপস্থিত থাকিব বুলি সভাপতি গৰাকীয়ে মত ব্যক্ত কৰে। ২৮ ফেব্ৰুৱাৰী তাৰিখে ঢেকিয়াজুলিৰ পৰা বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা সমষ্টিত হ'বলগীয়া এই যাত্ৰাৰ তত্বাৱধায়ক হিচাপে অশোক সিংঘাল, অভিজিৎ নাথ আৰু জুৰি শৰ্মা বৰদলৈ দায়িত্ব অর্পন কৰা হৈছে।
একেদৰে ১ মাৰ্চত জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও, বৰহমপুৰ সমষ্টিৰ বাবে তত্বাবধায়ক হিচাপে পিযুষ হাজৰিকা, দিপ্লু ৰঞ্জন শর্মা, নবাৰুণ বুঢ়াগোঁহাই, ২ মাৰ্চত গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাঁওবৈছা সমষ্টিৰ বাবে তত্বাবধায়ক হিচাপে অশোক সিংঘাল, পল্লব লোচন দাস আৰু অশোক ভট্টাৰায়, ৫ মাৰ্চত ধেমাজী চিচিবৰগাঁও, জোনাই সমষ্টিৰ বাবে তত্বাবধায়ক হিচাপে ডাঃ ৰণোজ পেণ্ড, প্রদান বৰুৱা, বিতুপন দলে, ৬ মার্চত খোৱাং, টিংখং, নাহৰকটীয়া, দুলীয়াজান সমষ্টিৰ বাবে তত্বাবধায়ক হিচাপে অশোক সিংঘাল, বিমল বড়া, ঋতুপর্ণ বৰুৱা, লক্ষ্য কোঁৱৰ, ৭ মাৰ্চত সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও সমষ্টিৰ বাবে তত্বাবধায়ক হিচাপে অজন্তা নেওঁগ, কমাখ্যা প্রসাদ তাছা, সিদ্ধান্ত অংকুৰ বৰুৱা, ৮ মাৰ্চত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া সমষ্টিৰ বাবে তত্বাবধায়ক হিচাপে ৰুপেশ গোৱালা, পুলক গোহাঁই, মহেশ দেউৰী, ৯ মাৰ্চত সৰভোগ, বজালী, টিহু, নলবাৰী, ৰঙিয়া সমষ্টিৰ বাবে তত্বাবধায়ক হিচাপে ৰণজিৎ কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, মনোজ বৰুৱা আৰু ৰাতুল শৰ্মাক দায়িত্ব অর্পন কৰা হৈছে বুলি সভাপতি গৰাকীয়ে সংবাদমেল যোগে জানিবলৈ দিয়ে।
জন আশীর্বাদ যাত্রা অনুষ্ঠিত নকৰা সমষ্টি সমূহত জন আশীর্বাদ সভা অনুষ্ঠিত কৰা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। যাত্রাত দৈনিক ৭০ পৰা ৮০ কিলোমিটাৰ ভ্ৰমণ কৰি ১ লাখ লোকৰ সৈতে জনসম্পৰ্কৰ লক্ষ্য স্থিৰ কৰা হৈছে। উল্লেখযোগ্য যে অহা ১৩ আৰু ১৪ মার্চ তাৰিখে দুদিনীয় ভ্রমণসূচীৰে পুনৰ অসমলৈ আহিব দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্র মোদী।
অহা ১৩ মাৰ্চত কোকৰাঝাৰ, গুৱাহাটীত আৰু ১৪ মাৰ্চত শিলচৰত হ'বলগীয়া চৰকাৰী তথা দলীয় কার্যসূচীত প্রধানমন্ত্রী গৰাকীয়ে অংশগ্রহণ কৰিব বুলি সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰে। ৰাজ্যৰ যুৱ ভোটাৰ সকলক আকৰ্ষণৰ লক্ষ্যৰে অহা ১৫ মার্চ তাৰিখে গুৱাহাটীত ১ লাখ যুৱ ভোটাৰৰ উপস্থিতিত বিশাল জনসভা আয়োজনৰ কথাও সভাপতি গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ