
ওদালগুৰি, ২১ ফেব্ৰুৱাৰী (হি.স.)। অসম বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিটিচিতো বলিছে নিৰ্বাচনী গৰম বতাহ। ইয়াৰ এক অংশ হিচাপে আজি শনিবাৰে বিটিচিৰ বিৰোধী ৰাজনৈতিক দল ইউপিপিএলে ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ কেইবা শতাধিক বাহনেৰে এক বিশাল কাৰ ৰেলী বাহিৰ কৰে ।
পুৱা প্ৰায় ৯-৩০ বজাত ওদালগুৰিৰ নলবাৰী খেলপথাৰৰ পৰা উলিওৱা এই সমদলটো উদ্বোধন কৰে ইউপিপিএলৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি তেওঁ কয়, নিৰ্বাচন আহিলে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ কৌশলেৰে প্ৰচাৰ অভিযান চলায়। বিটিচি নিৰ্বাচনৰ পিছত এইবাৰ আহিল বিধানসভা নিৰ্বাচন। আন দলসমূহৰ দৰে আমাৰো প্ৰচাৰ অভিযান আৰম্ভ হৈছে। ইতিমধ্যে আমি সমদল কৰিছো। আজি যুৱ ইউপিপিএলৰ উদ্যোগত আমি কাৰ ৰেলী অনুষ্ঠিত কৰিছো।
ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ যাবলগীয়া এই কাৰ ৰেলীৰ মূখ্য উদ্দেশ্য হৈছে বিটিআৰ শান্তি-সম্প্ৰীতি। সমাজত শান্তি-সম্প্ৰীতিৰ বাতাবৰণ থাকিব লাগে। সকলো জাতি জনগোষ্ঠীৰ লোকে আজিৰ এই কাৰ ৰেলীত অংশগ্ৰহণ কৰিছে। বিটিআৰত বাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে নিৰাপত্তা পাব লাগিব, জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা হব লাগিব, ভূমিৰ সমস্যা সমাধান হব লাগিব, শিক্ষাৰ্থীসকলে গুণগত শিক্ষা লাভ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া