‘জুবিন গাৰ্গৰ’ৰ হত্যাৰ ন্যায় প্ৰদানত চৰম গাফিলতিৰ অভিযোগ অসম জাতীয় পৰিষদৰ
গুৱাহাটী, ২১ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ‘জুবিন গাৰ্গৰ’ৰ হত্যাৰ ন্যায় প্ৰদানত চৰম গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। সংবাদমেল যোগে দলটোৰ নেতা লুৰিনজ্যোতি গগৈয়ে অভিযোগ কৰে যে, যোৱা ১২ ডিচেম্ব
জুবিন গাৰ্গ


গুৱাহাটী, ২১ ফেব্ৰুৱাৰী (হি.স.)। ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ‘জুবিন গাৰ্গৰ’ৰ হত্যাৰ ন্যায় প্ৰদানত চৰম গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। সংবাদমেল যোগে দলটোৰ নেতা লুৰিনজ্যোতি গগৈয়ে অভিযোগ কৰে যে, যোৱা ১২ ডিচেম্বৰত এছ.আই.টি.এ অভিযোগনামা দাখিল কৰাৰ দিনাই মুখ্যমন্ত্ৰীয়ে ফাষ্ট-ট্ৰেক আদালত গঠনৰ প্ৰতিশ্ৰুতি দিছিল। দুমাহ ন দিন অতিক্ৰম কৰাৰ পাছতো আজিলৈকে সেয়া কাৰ্যকৰী হোৱা নাই।

দলটোৰ অভিযোগ অনুসৰি, ফাষ্ট-ট্ৰেক আদালত গঠন হ’লে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হ’ব আৰু অভিযুক্তই সহজেই জামিন পোৱাৰ পথ ৰুদ্ধ হ’ব। সেয়েহে জনসাধাৰণৰ ক্ষোভ আৰু চৰকাৰৰ প্ৰকৃত স্বৰূপ ওলাই পৰাৰ ভয়ত চৰকাৰে ইচ্ছাকৃতভাৱে এই প্ৰক্ৰিয়াত বিলম্ব কৰিছে। আনহাতে, উক্ত হত্যাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা ১৩ গৰাকী ব্যক্তিৰ ভিতৰত মাত্ৰ ৫ গৰাকীকহে গ্ৰেপ্তাৰ কৰা হৈছে যাৰ ভিতৰত ৩ গৰাকী বৰ্তমান জে’লত আছে। বাকী ৮ গৰাকী ব্যক্তিক আজিলৈকে কৰায়ত্ত নকৰাটো মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা আৰু এক জাতীয় অক্ষমণীয় অপৰাধ বুলি আখ্যা দিছে দলটোৱে।

আনহাতে শিল্পীগৰাকীৰ প্ৰতি চৰকাৰৰ চৰম অৱহেলাৰ অভিযোগ তুলি পৰিষদে কয় যে, জ্যোতি চিত্ৰবনত অনুষ্ঠিত নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এখন ফটো পৰ্যন্ত ৰখা নহ’ল। জীৱিত অৱস্থাত পদ্মশ্ৰী আৰু মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ দাবীও চৰকাৰে আওকাণ কৰিলে।

নিৰ্বাচনৰ পূৰ্বে জুবিনক ন্যায় দিব নোৱাৰিলে ভোট নিবিচাৰোঁ বুলি মুখ্যমন্ত্ৰীয়ে দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি অসম জাতীয় পৰিষদে স্পষ্ট কৰি দিয়ে যে, যদিহে তাৎক্ষণিকভাৱে ফাষ্ট-ট্ৰেক আদালত গঠন কৰা নহয়, তেন্তে ন্যায়ৰ দাবীত অহা ২৭ তাৰিখে এক বৃহৎ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande