বাক্সাৰ উধিয়াগুৰিত হস্ততাঁত শিল্পৰ উৎপাদন তথা বিপণন কেন্দ্ৰৰ আধাৰশিলা স্থাপন
বিধানসভা নিৰ্বাচনত বিপিএফ হিৰো, ইউপিপিএল জিৰো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হ''ব--হাগ্ৰামা মহিলাৰী বাক্সা, ২১ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ থলুৱা শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্যৰে আজি শনিবাৰে বাক্সা জিলাৰ শালবাৰীৰ উধিয়াগুৰিত এটা গ
বাক্সাৰ উধিয়াগুৰিত হস্ততাঁত শিল্পৰ উৎপাদন তথা বিপণন কেন্দ্ৰৰ আধাৰশিলা স্থাপন


বিধানসভা নিৰ্বাচনত বিপিএফ হিৰো, ইউপিপিএল জিৰো

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হ'ব--হাগ্ৰামা মহিলাৰী

বাক্সা, ২১ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ থলুৱা শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্যৰে আজি শনিবাৰে বাক্সা জিলাৰ শালবাৰীৰ উধিয়াগুৰিত এটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত অঞ্চলটোৰ শিপিনী আৰু হস্তশিল্পীসকলক উৎসাহিত কৰিবলৈ এটা 'হস্ততাঁত আৰু বস্ত্ৰজাত সামগ্ৰীৰ উৎপাদন তথা বিপণন কেন্দ্ৰ'ৰ আধাৰশিলা স্থাপন কৰা হয় । প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ২১ নং শালবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰী। ইয়াৰ উপৰিও বিভাগীয় উচ্চপদস্থ বিষয়াসকল আৰু অঞ্চলটোৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি তথা ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকে। এই নতুন উৎপাদন তথা বিপণন কেন্দ্ৰটোৱে অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, বিটিচিত নতুন চৰকাৰ হোৱাৰ পিছত প্ৰমোদ বড়োৱে যি চিণ্ডিকেটৰাজৰ অভিযোগ উত্থাপন কৰিছে সেইবোৰ মিছা ৷ বিটিচিত কোনো চিণ্ডিকেটৰাজ নাই ৷ হাগ্ৰামাই কয় যে এনডিএ হিচাপে এইবাৰ নিৰ্বাচনত বিটিচিত ১৫ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হ'ব। তেওঁ লগতে কয় যে এইবাৰৰ বিধানসভা নিৰ্বাচনত বিপিএফ হিৰো হ'ব আৰু ইউপিপিএল জিৰো হ'ব । আনহাতে অসমৰ মুখ্যমন্ত্ৰী পুনৰ ড০ হিমন্ত বিশ্ব শৰ্মাই হ'ব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande