সোণাপুৰৰ কচুতলীত গৃহমন্ত্ৰী অমিত শ্বাহৰ দশম অসম আৰক্ষী বেটেলিয়নৰ শিলান্যাস, অনুপ্ৰৱেশকাৰীক হুংকাৰ
এজন-এজনকৈ বাংলাদেশীক দেশৰ পৰা বাহিৰ কৰাৰ হুংকাৰ গুৱাহাটী, ২১ ফেব্ৰুৱাৰী (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২৭০ কোটি টকা ব্য
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰি ভাষণ প্ৰদান কৰে


এজন-এজনকৈ বাংলাদেশীক দেশৰ পৰা বাহিৰ কৰাৰ হুংকাৰ

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সোণাপুৰৰ কচুতলীত দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদ। দশম অসম আৰক্ষী বেটেলিয়নৰ নতুন চৌহদৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক উপস্থিত থাকে ।

এই উপলক্ষে আয়োজন কৰা সভাত মা কামাখ্যাক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আৰম্ভ কৰে ভাষণ। ভূপেন হাজৰিকা, কনকলতা বৰুৱা, লাচিত বৰফুকন, শংকৰদেৱ-মাধৱদেৱক সোঁৱৰণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অসমৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰিবলৈ অসমক বাংলাদেশীমুক্ত কৰিবই লাগিব । তেওঁ কয় যে কংগ্ৰেছৰ সময়ত ইয়াত কেৱল বাংলাদেশী আছিল। অসমৰ জনবিন্যাস বিনষ্ট কৰিছিল। কংগ্ৰেছে আজি অসমত ভোট বিচাৰিছে। ধুবুৰী, গোৱালপাৰা, নগাওঁ, এইবিলাক জিলাত বাংলাদেশী আহিল ইয়াৰ কাৰণ কংগ্ৰেছ। কংগ্ৰেছৰ পাপৰ পৰা অসমক বিজেপিয়ে মুক্ত কৰিব। কংগ্ৰেছক চেলেঞ্জ দি তেওঁ কয় যে কংগ্ৰেছে যদি বাংলাদেশী খেদিবলৈ বিচাৰে কংগ্ৰেছৰ ঘোষণাপত্ৰত এই কথা উল্লেখ কৰি ইস্তাহাৰ পত্ৰত প্ৰকাশ কৰি দেখুৱাওক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰি তেওঁ কয় যে হিমন্তই কৈছে ৫ লাখ বিঘা মাটি উচ্চেদ কৰিব। কৰিব মানে কৰিবই, হিমন্ত কথা ৰখাত পাক্কা। তেওঁ কয়, ‘‘৫ বছৰৰ বাবে অসমত বিজেপি চৰকাৰ আনক, এজন এজন বাংলাদেশীক দেশৰ পৰা বাহিৰ কৰিম। কংগ্ৰেছে বাংলাদেশী বাহিৰ কৰিবলৈ নিদিয়ে, বাংলাদেশীমুক্ত কৰিবলৈ বিজেপিক ভোট দিব লাগিব। ধুবুৰী, বৰপেটা, নগাঁও, দৰং, গোৱালপাৰাৰ পৰা আমি বিদেশীমুক্ত কৰিম। বাংলাদেশী কংগ্ৰেছৰ ভোটবেংক। নিৰ্বাচন আয়োগে এছআইআৰ কৰিছে, ৰাহুল গান্ধীয়ে ইয়াৰ আন্দোলন কৰে। কংগ্ৰেছে জাতি-মাটি-ভেটি তিনিওটাৰে ক্ষতি কৰিছে।’’

লাচিত বৰফুকন, ভূপেন হাজৰিকাৰ প্ৰসংগ উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ লাচিত বৰফুকনক সকলোৱে জানে। ভূপেন হাজৰিকা, গোপীনাথ বৰদলৈক ‘ভাৰতৰত্ন’ বিজেপিয়ে দিছে। ৫ বছৰ সৰ্বানন্দ সোণোৱাল, ৫ বছৰ হিমন্তই অসমৰ বিকাশৰ কাৰণে সকলো কৰিছে। ইয়াৰ পৰাই ১০ বছৰৰ বাবে মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিল, ইয়ালৈ ১০বাৰো নাহিল। নৰেন্দ্ৰ মোদীয়ে ৮০ বাৰ অসমলৈ আহিছে। অসমক বিকশিত কৰিবলৈ আমাৰ চৰকাৰে কাম কৰিছে। তেওঁ কয় যে ১৫ লাখ কোটি টকা অসমৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰীয়ে ব্যয় কৰিছে। ছেমি কণ্ডাকক্টৰকে ধৰি বিভিন্ন প্ৰকল্প গঢ়ি তুলিছে। আগন্তুক দিনত ভাৰতৰ ঔদ্যোগিক হাব অসম হ’ব। চাহ বাগিচাৰ বাবে আঁচনি আনিছে বুলি দোহাৰি তেওঁ কয় যে চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ বিজেপি চৰকাৰেই দিছে। বিজেপি চৰকাৰ আহিলে আগন্তুক ৫ বছৰত অসম বানমুক্ত হ’ব বুলিও অমিত শ্বাহে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande