
লক্ষীমপুৰ, ২১ ফেব্ৰুৱাৰী (হি.স.): লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লক্ষীমাই বৰুৱা নামৰ মাতৃ গৰাকী দুই সন্তানসহ নিৰুদ্দেশ হৈ পৰিছে । যোৱা দেওবাৰে দিনৰ ১১ বজাত নাৰায়ণপুৰৰ বৰপথাৰ গাঁৱৰ নৰেন বৰুৱাৰ পত্নী লক্ষীমাই পিতৃ গৃহলৈ যাওঁ বুলি কৈ দুই সন্তানক লগত লৈ ঘৰৰ পৰা ওলাই গৈছিল। দুদিন পিছত খবৰ কৰি গম পালে যে পিতৃৰ গৃহলৈও যোৱা নাই মহিলা গৰাকী। লগে লগে পৰিয়ালটোত লাগে হাহাকাৰ।
সেই দিন ধৰি ঘৰলৈ ঘূৰি নহাত পিতৃ পৰিয়ালৰ সহযোগত স্বামী নৰেন বৰুৱাই ইতিমধ্যে নাৰায়ণপুৰ থানাৰ দুই সন্তান সহ নিৰুদ্দিষ্ট মহিলা গৰাকীৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে শাৰীৰিক ভাৱে সক্ষম স্বামী নৰেন বৰুৱাই চাইকেল মেৰামতি কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে। কোনো লোকে যদি সন্তান সহ নিৰুদ্দিষ্ট মহিলা গৰাকীৰ কিবা সম্ভেদ লাভ কৰে তেন্তে ৯৫৭৭৪ ৮২৩৮৪ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ