
নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে শনিবাৰে উপ-ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সংবিধানৰ নবীকৃত তামিল আৰু গুজৰাটী সংস্কৰণ প্ৰকাশ কৰে। তেওঁ আইনী শব্দকোষ (ইংৰাজী-হিন্দী)ৰ অষ্টম সংস্কৰণো মুকলি কৰে।
অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে সংবিধানৰ এই সংস্কৰণসমূহ প্ৰকাশ পোৱাটো অতি আনন্দৰ বিষয়। তেওঁ কয় যে মাতৃভাষা হৈছে আমাৰ পৰিচয়, চিন্তা, সাংস্কৃতিক ধাৰাবাহিকতাৰ ভেটি। এনে এটা গুৰুত্বপূৰ্ণ দিনত তামিল আৰু গুজৰাটী ভাষাত সংবিধানখন উপলব্ধ কৰাই ভাষিক গৌৰৱ আৰু গণতান্ত্ৰিক মূল্যবোধৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে।
ভাৰতৰ ভাষিক সমৃদ্ধিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ তামিলৰ পৰা কাশ্মীৰী আৰু গুজৰাটীৰ পৰা অসমীয়ালৈকে প্ৰতিটো ভাষাই নিজৰ ভিতৰতে শতিকা শতিকাৰ ঐতিহ্য ধাৰণ কৰিছে। ভাৰতীয় সংবিধানে এই বৈচিত্ৰ্যক স্বীকৃতি দিছে আৰু বহুভাষিকতাক আমাৰ শক্তি হিচাপে আকোৱালি লৈছে। তেওঁ কয় যে সংবিধান এনে বৈচিত্ৰ্যপূৰ্ণ ভাষিক ৰূপত উপলব্ধ হোৱা পৃথিৱীৰ কোনো দেশ প্ৰায়েই নাই।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আইন আৰু ন্যায় মন্ত্ৰালয়ে ভাৰতীয় বিভিন্ন ভাষাত সংবিধানখন উপলব্ধ কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে যোৱা দশকত প্ৰথমবাৰৰ বাবে সংবিধানৰ আনুষ্ঠানিক অনুবাদ বডো, ডগৰি, সান্তালী আদি ভাষাত উপলব্ধ কৰা হৈছে। তেওঁ স্মৰণ কৰি কয় যে যোৱা ডিচেম্বৰ মাহত ৰাষ্ট্ৰপতি ভৱনত তেওঁ ব্যক্তিগতভাৱে সান্তলী সংস্কৰণৰ উন্মোচন অনুষ্ঠানত অংশ লৈছিল। তদুপৰি যোৱা বছৰ নেপালী ভাষী নাগৰিকৰ বাবেও প্ৰথমবাৰৰ বাবে সংবিধানৰ নেপালী সংস্কৰণ প্ৰকাশ কৰা হৈছিল।
তামিল আৰু গুজৰাটী ভাষাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সাহিত্যৰ উজ্জ্বলতা, দাৰ্শনিক গভীৰতা, সাংস্কৃতিক সমৃদ্ধিৰ ক্ষেত্ৰত দুয়োটা ভাষাই অতি প্ৰতিষ্ঠিত। শেহতীয়াকৈ মালয়েছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তামিল ভাষাক বিশ্বৰ অন্যতম পুৰণি ভাষা হিচাপে প্ৰশংসা কৰাৰ কথাও উল্লেখ কৰি গুজৰাটী সাহিত্যৰ চহকী পৰম্পৰাৰ ওপৰত আলোকপাত কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আইনী শব্দকোষৰ অষ্টম সংস্কৰণ (ইংৰাজী-হিন্দী) প্ৰকাশ পাই আনন্দ প্ৰকাশ কৰি কয় যে সহজ আৰু সুস্পষ্ট ভাষাত প্ৰস্তুত কৰা এই সংস্কৰণটো বিধায়ক, ছাত্ৰ-ছাত্ৰী, ন্যায়িক বিষয়া, গৱেষক, অনুবাদক, নীতি নিৰ্ধাৰকসকলৰ বাবে অত্যন্ত উপযোগী বুলি প্ৰমাণিত হ’ব। তেওঁ ইয়াক কেৱল ৰেফাৰেন্স বুক নহয়, সৱলীকৰণৰ আহিলা বুলি অভিহিত কৰে।
তেওঁ উল্লেখ কৰে যে এই পদক্ষেপে সংবিধানখনক জনসাধাৰণৰ বাবে নিজৰ ভাষাত সুলভ কৰি তোলাৰ মাধ্যম হিচাপে কাম কৰিব, গণতান্ত্ৰিক অংশগ্ৰহণ আৰু সাংবিধানিক সজাগতা আৰু অধিক শক্তিশালী কৰিব।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মহাত্মা গান্ধীৰ ধাৰণাৰ উদ্ধৃতি দি কয় যে এটা জাতিৰ সংস্কৃতি ইয়াৰ জনসাধাৰণৰ হৃদয় আৰু আত্মাত বাস কৰে, আৰু ভাষাই সেই আত্মাৰ সেতু। তেওঁ নাগৰিকসকলক তেওঁলোকৰ মাতৃভাষাৰ লগতে সকলো ভাৰতীয় ভাষাৰ সামূহিক কণ্ঠক সন্মান কৰিবলৈ আহ্বান জনায়। কবি সুব্ৰমণিয়া ভাৰতীৰ কথা স্মৰণ কৰি তেওঁ কয় যে ভাৰতে বহু ভাষা কয়, কিন্তু ইয়াৰ চিন্তা আৰু উদ্দেশ্য ভাৰত মাতৃৰ সেৱাৰ বাবে উৎসৰ্গিত।
हिन्दुस्थान समाचार / অৰৱিন্দ