
গোলাঘাট, ২১ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাটৰ বৰপথাৰৰ টেঙানীত দৃশ্যমান হৈছে আচৰিত দৃশ্য। টেঙানীৰ ১ নং কেকুৰি গাঁৱৰ ৰাজু গড়ৰ ঘৰত টিউবেল ব'ৰিং কৰি থকা সময়তে পাইপেৰে নিজেই নিৰ্গত হৈছে ভূ-গৰ্ভৰ পানী। পুৱা ৫ বজাৰ পৰা নিৰ্গত হৈ থকা এই পানীক লৈ ঘৰৰ মানুহৰ লগতে স্থানীয় লোক চিন্তিত হৈ পৰা পৰিলক্ষিত হৈ পৰিছে।
কোনো দিনে নঘটা উক্ত ঘটনা প্ৰত্য়ক্ষ কৰিবলৈ ভিৰ হৈছে অজস্রলোকৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু