
ইম্ফল, ২১ ফেব্ৰুৱাৰী (হি.স.)। মণিপুৰ আৰক্ষীয়ে বিগত ২৪ ঘণ্টাত পৃথক পৃথক অভিযানত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ হাতত থকা বহু পৰিমাণৰ ড্ৰাগছ, বাহন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে।
শনিবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, প্ৰথমটো অভিযানত ইম্ফল পূব জিলাৰ হাইংগাং থানা এলেকাৰ অন্তৰ্গত খুমিডক মছজিদ মানিঙৰ বাসিন্দা মহম্মদ ৱাৰিছ খান (২৮)ক নিষিদ্ধ ডব্লিউ ৱাই টেবলেটসহ গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ হাতৰ পৰা এএছ-০১এনচি-০৮৪৬ নম্বৰৰ এখন ক’লা ৰঙৰ তিনিচকীয়া বাহন আৰু ৫৫০ গ্ৰাম ওজনৰ ডব্লিউ ৱাই টেবলেট উদ্ধাৰ কৰা হৈছে।
দ্বিতীয়টো অভিযানত সেনাপতি জিলাৰ সেনাপতি থানা এলেকাৰ অন্তৰ্গত টি খুলেন নাকা চেকপইণ্টত এখন চাৰিচকীয়া বাহন আটক কৰে নিৰাপত্তা বাহিনীয়ে। তালাচীৰ সময়ত ৪৮ টা চাবোনৰ বাচনত লুকুৱাই ৰখা ৬৬০ গ্ৰাম ব্ৰাউন চুগাৰ, দুটা মোবাইল ফোন আৰু দুখন আধাৰ কাৰ্ড উদ্ধাৰ কৰে। লগতে এএছ-০১ এপি-০৬৩১ নম্বৰৰ হুণ্ডাই আই২০ গাড়ীখন জব্দ কৰে। ইয়াৰ উপৰি বাহনখনত থকা কাকচিং জিলাৰ ইৰং চেছাবা মায়াই লেইকাইৰ বাসিন্দা ঋষ খান (২২) আৰু মুস্তাকিম আহমেদ (২৩)ক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ মতে, দুয়োটা গোচৰৰ অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া