
যোৰহাট, ২১ ফেব্ৰুৱাৰী (হি.স.)। যোৰহাটৰ জিলাৰ পৰ্যটনৰ ক্ষেত্ৰত এক নতুন সংযোজন ঘটাইছে এগৰাকী উদ্যমী ব্যক্তি তথা সফল ব্যৱহায়ী যোৰহাট চাৰি গাঁৱৰ উজ্বল জ্যোতি বৰাই। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় পাঁচশ মিটাৰ নিলগৰ দূৰত্বত চটাই জিষ্টৰ সমীপৰে আহি অৱস্থিত মেলেং ডাঙৰীয়া তল আলিৰ নিচেই কাষতে মুকলি কৰিছে ৰাজ্য পৰ্যটনৰ ক্ষেত্ৰত দ্যা গল্ডেন পাম হোটেল এণ্ড ৰিজৰ্ট নামেৰে এক প্ৰাকৃতিক পৰিৱেশত এখন আটক ধুনীয়া পাৰ্ক উপলব্ধ তেওঁ প্ৰতিষ্ঠান।
যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী উজ্জল জ্যোতি বৰাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা এই ৰিজৰ্ট তথা প্ৰতিষ্ঠান খন অসম তথা যোৰহাট জিলাত নৱতম হিচাপে সংযোজন হৈছে । উল্লেখ যে ৰিজৰ্ট খনৰ গৰাকী উজ্বল জ্যোতি বৰাৰ পৰা জানিব পৰা মতে বহু দিনৰ আশাৰ এক সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। জানিব পৰা মতে বহু দিনীয়া হেঁপাহ মনত ৰাখি প্ৰায় ৩০ কঠা ভূমিত তেওঁ এই ৰিজৰ্ট তথা প্ৰতিষ্ঠান খন গঢ় দিছে। বিশেষত গ্ৰাম্য অঞ্চলৰ নিবনুৱা যুৱক যুৱতী সকলক তেওঁ সংস্থাপিত দিয়া লগতে এই ৰিজৰ্ট খন যোৰহাট মাজুলী যি দলঙ নিৰ্মাণৰ মূল পথ মেলেং ডাঙৰীয়া তল বচা পথাৰত অৱস্থিত কৰি এক পৰ্যটনৰ ক্ষেত্ৰত নতুনত্ব দিছে।
আনহাতে মাজুলী যোৰহাট সংযোগী দংলৰ যি ডাঙৰীয়া তল পথত অৱস্থিত কৰিছে অনাগত দিনত এই ৰিজৰ্ট খনে দূৰ দূৰণিৰ পৰ্যটকৰ বাবে মূল ভূমিকা গ্ৰহণ নিশ্চিত কৈ গ্ৰহণ কৰিব। ৰিজৰ্ট খনত থকা, খোৱা, বিভিন্ন অনুষ্ঠান বাবে বিভিন্ন সূবিধাৰ লগতে বিয়া, জন্ম দিন , বিভিন্ন কাৰ্যসূচী গৰাকী উজ্বল জ্যোতি বৰাই উপলব্ধ কৰিছে। অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ লগতে ভাৰতীয়,চাইনীজ খাদ্য গ্ৰাহকৰ বাবে উপলব্ধ হ'ব। অঞ্চলটোৰ ৰাইজৰ পৰা জানিব পৰা মতে তেওঁ এই প্ৰচেষ্টাই ৭০ ৰো অধিক অসমীয়া যুৱক যুৱতীক নিয়োগ কৰি স্বাম্বলম্বীতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে ইতিবাচক ভুমিকা পালন কৰিছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু