
নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা সন্দৰ্ভত পুনৰ সতৰ্ক হৈ পৰিছে নিৰাপত্তা সংস্থা। চোৰাংচোৱা তথ্যৰ পিছতে ৰাজধানীত হাই এলাৰ্ট ঘোষণা কৰা হৈছে। জানিব পৰা মতে, পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এলইটি)-এ দিল্লীত আই ই ডি আক্ৰমণৰ পৰিকল্পনা কৰিছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, ঐতিহাসিক লালকিল্লা আৰু ইয়াৰ আশে-পাশে থকা মন্দিৰটো সন্ত্ৰাসবাদীৰ লক্ষ্য হ’ব পাৰে। ভিৰ কৰা চান্দনী চকত থকা বিশিষ্ট মন্দিৰটোৰ সন্দৰ্ভত বিশেষভাৱে ইনপুট লাভ কৰা হৈছে। যদিও আনুষ্ঠানিকভাৱে কোনো নিৰ্দিষ্ট স্থানৰ নাম উল্লেখ কৰা হোৱা নাই, তথাপিও নিৰাপত্তা সংস্থাসমূহে স্পৰ্শকাতৰ ধৰ্মীয় স্থানসমূহত নিৰাপত্তা বৃদ্ধি কৰিছে।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ ৰাজধানী ইছলামবাদৰ টেৰলাই ইমাম বৰগাহত শুকুৰবাৰৰ নামাজৰ সময়ত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত ভাৰতত সন্ত্ৰাসবাদী সংগঠনটোৱে বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে।
সেই আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়।
দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা সংস্থাই সম্ভাৱ্য ভাবুকিৰ তথ্য লাভ কৰাৰ লগে লগে লালকিল্লা, চান্দনী চক, আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হয়। অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, আৰু সন্দেহজনক কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। বজাৰ, পাৰ্কিং থলী, ধৰ্মীয় স্থানসমূহ ভালদৰে পৰীক্ষা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া