বিশ্বনাথৰ বালিচাং হাইস্কুলত শিক্ষকৰ অভাৱ
পৰ্যাপ্ত শিক্ষক অবিহনে চলিছে বালিচাং হাইস্কুল ।
বিশ্বনাথৰ বালিচাং হাইস্কুলত শিক্ষকৰ অভাৱ


শিক্ষক নিযুক্তিৰ দাবী পাভৈ আছুৰ

বিশ্বনাথ ২১ ফেব্ৰুৱাৰী (হি.স.): অসম অৰুণাচলৰ সীমান্তৱৰ্তীৰ ৰাইজৰ শিক্ষা ব্যৱস্থাৰ আশা ভৰষাৰ থল একমাত্ৰ বালিচাং হাইস্কুল ৷ বৰ্তমান বিদ্যালয়খনৰ শৈক্ষিক দিশ হৈ পৰিছে শোচনীয় ৷ শিক্ষাৰ মানদণ্ড ক্ৰমান্বয়ে নিম্নগামী বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনস্থ বালিচাং হাইস্কুলৰ ৷ বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষক ৷ কেইবাটাও বিষয়ৰ শিক্ষক নাই বিদ্যালয়খনত ৷

উল্লেখযোগ্য যে বিদ্যালয়খনত আছে সৰ্বমুঠ ৫৯৭ জন ছাত্ৰ-ছাত্ৰী ৷ ইয়াৰ বিপৰীতে বিদ্যালয়খনত পাঠদান কৰে মাত্ৰ দহগৰাকীকৈ শিক্ষকে ৷ ৫টাকৈ শ্ৰেণীৰ ৫৯৭ জন ছাত্ৰ-ছাত্ৰীক সকলোবোৰ বিষয়ৰ ওপৰত ১০ গৰাকীকৈ শিক্ষকে পাঠদান কৰাটো সম্ভৱপৰ নহয় । তেনে এক পৰিস্থিতিৰ সন্মুখিন হৈছে বালিচাং হাইস্কুল ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকল শিক্ষা গ্ৰহণ নকৰাকৈ নিৰাশ হৈ উভতিব লগা হয় ঘৰলৈ ৷

উল্লেখ্য যে শিক্ষকৰ অভাৱ সম্পৰ্কে বিভিন্ন সময়ত অভিযোগ উথথাপন কৰি আহিছে ৰাইজে ৷ সমান্তৰালকৈ পাভৈ আঞ্চলিক ছাত্ৰ সন্থায়ো শিক্ষকৰ সমস্যাৰ ওপৰত একাধিকবাৰ কৰি আহিছে আবেদন নিবেদন ৷ আনকি শিক্ষকৰ অভাৱৰ কথা উল্লেখ কৰে ছাত্ৰ-ছাত্ৰীসকলেও ৷ তৎসত্বেও শিক্ষা বিভাগৰ তৰফৰপৰা কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ছাত্ৰ-ছাত্ৰী সকলৰ ভবিষ্যতক লৈ শিক্ষা বিভাগৰ এনে ধৰণেৰে চলি আছে চৰম গাফিলতি ৷ এনে অৱহেলা আৰু শিক্ষাক লৈ কৰা গাফিলতিক সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলিয়ে ৷ অতি শীৰ্ষে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ছাত্ৰ নেতাগৰাকীয়ে ৷ অন্যথা শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলনৰ গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰনেতা প্ৰহ্লাদ মিলিয়ে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande