
বৰপেটা, ২১ ফেব্ৰুৱাৰী (হি.স.)। বৰপেটা ৰোড স্থিতৰ সেনকা গহণা শ্বৰুমত কালি দিনৰ ভাগত সংঘটিত ডকাইতি কাণ্ডৰ ,সৈতে জড়িত থকাৰ অভিযোগত গোৱালপাৰাৰ মাকৰীৰ পৰা নিশা বৰপেটা আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীৰ সহযোগত চাৰিজন যুৱকক আটক কৰিব সক্ষম হয়। মাকৰীৰ এটা ভাৰা ঘৰৰ পৰা আটক কৰে অভিযুক্ত যুৱক চাৰিজনক। অভিযুক্ত যুৱক চাৰিজন বহিঃৰাজ্যৰ বুলি গোৱালপাৰা আৰক্ষীৰ সুত্ৰে প্ৰকাশ। দুজন বিহাৰৰ আৰু দুজন জলপাইগুৰীৰ বুলি জানিব পৰা গৈছে।
মাত্ৰ সাত দিন পুৰ্বে ভাৰা ঘৰটোত অহা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আটক কৰা চাৰিজন হল বিহাৰৰ ৰোহিত কুমাৰ, প্ৰীয়ান সুকুমাৰ আৰু জলপাইগুৰিৰ মুকেশ দাস, তুষাৰ বিশ্বাস। আৰক্ষী বৰ্তমান চাৰিজনকে জেৰা চলাই আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা