ফিফা বিশ্বকাপ ২০২৬ৰ পিছত ফ্ৰান্সৰ দলটোৰ মুখ্য প্ৰশিক্ষক হ’ব পাৰে জিনেদিন জিদান
নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। ফ্ৰান্সৰ ফুটবলৰ কিংবদন্তি জিনেদিন জিদানে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ পিছত ফ্ৰান্সৰ পুৰুষৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব পাৰে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ ফ্ৰান্সৰ ফুটবল ফেডাৰেচনৰ সৈত
फ्रांस के दिग्गज फुटबॉलर जिनेदिन जिदान


নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী (হি.স.)। ফ্ৰান্সৰ ফুটবলৰ কিংবদন্তি জিনেদিন জিদানে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ পিছত ফ্ৰান্সৰ পুৰুষৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব পাৰে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ ফ্ৰান্সৰ ফুটবল ফেডাৰেচনৰ সৈতে মৌখিক চুক্তিত উপনীত হৈছে আৰু তেওঁ বৰ্তমানৰ প্ৰশিক্ষক ডিডিয়েৰ দেশাউনৰ ঠাই ল’ব।

ডিডিয়েৰ দেশাউনৰ নেতৃত্বত ফ্ৰান্সে একেৰাহে দুখনকৈ বিশ্বকাপৰ ফাইনেল খেলি ২০১৮ চনৰ খিতাপ দখল কৰে। ১৯৯৮ চনত ফ্ৰান্সৰ বিশ্বকাপ বিজয়ী দলটোৰ নায়ক আছিল জিনেডিন জিদান, আনহাতে ২০০৬ চনত দলটোৱে ৰানাৰ্ছ আপৰ স্থান দখল কৰিছিল। কিন্তু ২০০৬ চনৰ ফাইনেলত তেওঁ ৰঙা কাৰ্ড লাভ কৰিছিল, যিটো মুহূৰ্ত ফুটবল ইতিহাসৰ অন্যতম চৰ্চিত ঘটনাৰ ভিতৰত অন্যতম।

প্ৰশিক্ষক হিচাপে জিদানৰ অভিলেখ অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে। ৩২০খন খেলৰ ভিতৰত ২০০খনত জয়লাভ কৰি ৭০খন খেলত ড্ৰ’ হৈছিল আৰু ৫০খন খেলত পৰাস্ত হৈছিল। তেওঁৰ জয়ৰ শতাংশ ৬২.৫।

ক্লাব পৰ্যায়ত জিদানে স্পেইনৰ প্ৰখ্যাত ক্লাব ৰিয়েল মাদ্রিদৰ সৈতে ঐতিহাসিক সফলতা লাভ কৰে। তেওঁৰ নেতৃত্বত দলটোৱে লা লিগা (২০১৬–১৭, ২০১৯–২০), ছুপাৰকোপা ডি স্পানা (২০১৭, ২০২০), ইউএফএ চেম্পিয়নছ লীগ (২০১৫–১৬, ২০১৬–১৭, ২০১৭–১৮), ইউএফএ ছুপাৰ কাপ (২০১৬, ২০১৭), আৰু ফিফা ক্লাব বিশ্বকাপকে ধৰি বহুতো ডাঙৰ খিতাপ লাভ কৰে (২০১৬, ২০১৭)। প্ৰথম কাৰ্যকালত তেওঁ একেৰাহে তিনিবাৰকৈ চেম্পিয়নছ লীগ জয় কৰি ইতিহাস ৰচনা কৰে।

২০০৬ চনত ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত ২০১০ চনত জিদানে প্ৰশিক্ষক জীৱন আৰম্ভ কৰে। প্ৰথমে ৰিয়েল মাদ্রিদত উপদেষ্টা হিচাপে যোগদান কৰে আৰু পিছলৈ মুখ্য প্ৰশিক্ষক হয়। ২০১৬ চনৰ পৰা ২০১৮ চনলৈ আৰু তাৰ পিছত ২০১৯ চনৰ পৰা ২০২১ চনলৈকে তেওঁ ক্লাবটোক ১১টা ডাঙৰ খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে।

খবৰ অনুসৰি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপেও প্ৰস্তাৱ লাভ কৰিছিল যদিও তেওঁ অস্বীকাৰ কৰিছিল। এতিয়া ২০২৬ চনৰ ফিফা বিশ্বকাপৰ পিছত ফ্ৰান্সৰ দলটোৰ বাবে নতুন যুগৰ আৰম্ভণিৰ বিষয়ে উৎসাহ বাঢ়িছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande