শোণিতপুৰত আৰক্ষী অভিযানত দুধৰ্ষ ডকাইত কৰায়ত্ব
শোণিতপুৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই তেজপুৰ চামধৰা পাচমাইলৰ ইব্ৰাহিম আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ ইব্ৰাহিম বহুকেইটা ডকাইটি আৰু চুৰি ঘটনাৰ সৈতে জড়িত আছিল বুলি শোণিতপুৰ জিলা আৰ
শোণিতপুৰত আৰক্ষী অভিযানত দুধৰ্ষ ডকাইত কৰায়ত্ব


শোণিতপুৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই তেজপুৰ চামধৰা পাচমাইলৰ ইব্ৰাহিম আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ ইব্ৰাহিম বহুকেইটা ডকাইটি আৰু চুৰি ঘটনাৰ সৈতে জড়িত আছিল বুলি শোণিতপুৰ জিলা আৰক্ষী সংবাদ মাধ্য়মক অবগত কৰে৷

ইব্ৰাহিমৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা পইন্ট ২২ পিষ্টল, ৫ টা সজীৱ গুলি , এখন তৰোৱাল আৰু এখন খুকুৰী জব্দ কৰে৷ জিলা খনত সংঘটিত বহু কেইটা

ডকাইতি কাণ্ডৰ সৈতে জৰিত থকা ইব্ৰাহিম আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল।দুধৰ্ষ ডকাইত জনক আৰক্ষী কৰায়ত্ব কৰি জেৰা অব্য়াহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande