
নগাঁৱ, ২১ ফেব্ৰুৱাৰী (হি.স.)। নগাঁৱত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সামাজিক অধিকাৰিতা শিবিৰ।
৩১৯৪ জন বিশেষ হিতাধিকাৰীৰ মাজত ৯১৮৫টা সহায়ক যন্ত্ৰ তথা সামগ্ৰী বিতৰন। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সামাজিক অধিকাৰিতা শিবিৰৰ সৈতে সংগতি ৰাখি শনিবাৰে নগাঁৱত বিশেষভাৱে সক্ষম ৩১৯৪ গৰাকী হিতাধিকাৰীৰ মাজত সহায়ক যন্ত্ৰ তথা সামগ্ৰী বিতৰণ কৰা হয় ।
ভাৰত চৰকাৰৰ এডিআইপি আঁচনি আৰু ভাৰতীয় তেল নিগমৰ চিএচআৰ আচনিৰ অধীনত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয় । এই উপলক্ষে নগাঁও চহৰৰ নেহৰুবালিত এএলআইএমচিঅ ৰ উদ্যোগত এক বিশেষ সভাও অনুষ্ঠিত হয় । নগাঁও জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই সভাখনত বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশিস শৰ্মা, ALIMCO ৰ জ্যেষ্ঠ প্ৰবন্ধক মুকেশ মিশ্ৰ, জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগু আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে । অনুষ্ঠানত ১১৭ খন বেটাৰীচালিত ট্ৰাই চাইকেল, ১২৭৩ খন হুইল চেয়াৰ, ৫৪৩ খন ট্ৰাই চাইকেল, ৬৬৬ ডাল ৱাকিং ষ্টিক আদিকে ধৰি সৰ্বমুঠ ৯১৮৫ বিধ সাহাৰ্য সামগ্ৰী বিতৰণ কৰা হয় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু