ৰে’ল সেৱাৰ দাবীত চিৰাঙৰ বিজনী ৰে'ল ষ্টেচনত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট
চিৰাং, ২১ ফেব্ৰুৱাৰী (হি.স.)। চিৰাঙৰ বিজনী ৰে''ল ষ্টেচনত শনিবাৰে পুৱা ১০ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিজনী ৰে''ল ষ্টেচনত কামৰূপ এক্সপ্ৰেছ, কাঞ্চনজঙ্ঘা এক্সপ্ৰেছকে ধৰি ৫ খনকৈ দূৰণিবটীয়া দ্ৰুতগামী ৰে''ল ৰখোৱাৰ লগতে
ৰে’ল সেৱাৰ দাবীত চিৰাঙৰ বিজনী ৰে'ল ষ্টেচনত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট


চিৰাং, ২১ ফেব্ৰুৱাৰী (হি.স.)। চিৰাঙৰ বিজনী ৰে'ল ষ্টেচনত শনিবাৰে পুৱা ১০ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিজনী ৰে'ল ষ্টেচনত কামৰূপ এক্সপ্ৰেছ, কাঞ্চনজঙ্ঘা এক্সপ্ৰেছকে ধৰি ৫ খনকৈ দূৰণিবটীয়া দ্ৰুতগামী ৰে'ল ৰখোৱাৰ লগতে অতিশীঘ্ৰেই ৰাজ্যখনত উপ-নগৰীয়া ৰে'ল সেৱাৰ ব্যৱস্থা কৰাৰ দাবীত বিজনী ৰে'লৱে যাত্ৰী অধিকাৰ মঞ্চৰ( BRYAM) উদ্যোগত বিজনী ৰে'ল ষ্টেচনত ৰূপায়িত হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

এই প্ৰতিবাদী কাৰ্যসূচীত অসম ৰে'ল যাত্ৰী সন্থাৰ সম্পাদক দীপাংকৰ শৰ্মা, বিজনী ৰে'লৱে যাত্ৰী অধিকাৰ মঞ্চৰ সভাপতি সুকুমাৰ বীৰ, কাৰ্যকৰী সভাপতি ৰবীন্দ্ৰনাথ দাস, সম্পাদকদ্বয় শুভংকৰ ঘোষ, ৰজত কান্তি সাহাসহ নেতৃবৃন্দ উপস্থিত থাকে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande