
শ্ৰীনগৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। জম্মু–কাশ্মীৰৰ শ্ৰীনগৰৰ ডাগপোৰা অঞ্চলত শনিবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাত আহত হয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৭ জন জোৱান।
বিষয়াসকলে জনোৱা মতে, আহমেদ নগৰৰ ডাগপোৰা পথৰ উমৰ হেয়াৰত বিপি পেট্ৰ’ল পাম্প গাড়ীৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পথৰ পৰা বাগৰি দ খাৱৈত সোমাই পৰে।
বিষয়াসকলে জনোৱা মতে, আহত জোৱানসকলক শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (এছকেআইএমএছ), সৌৰালৈ লৈ যোৱা হয়। নগিন্দৰ সিং (৩৬), অজিত কুমাৰ ৰাম (৩৬), ৰাজ কিশোৰ ৰায় (৪০), অমিত কুমাৰ যাদৱ (৩৮), ৰাজধান ৰাম (৫৫), মানকৰ কুমাৰ (৪০), আৰু নীৰজ কুমাৰ (৪৫)। আহত আটাইকেইজন জোৱানৰ অৱস্থা সুস্থিৰ আৰু সামান্য আঘাতপ্ৰাপ্ত হোৱা বুলি জানিবলৈ দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া