মণিপুৰত ৩০ একৰ অবৈধ আফিং খেতি ধ্বংস
ইম্ফল, ২১ ফেব্ৰুৱাৰী (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বন বিভাগৰ সৈতে যৌথ অভিযান চলাই বিগত ২৪ ঘন্টাত ৩০ একৰ অবৈধ আফিং (পপি) খেতি ধ্বংস কৰে। কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত এই অভিযান চলাইছিয়। শনিবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, প্ৰথমটো অভ
Security Forces Destroying  the Illegal Poppy Plantation in Manipur.


ইম্ফল, ২১ ফেব্ৰুৱাৰী (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বন বিভাগৰ সৈতে যৌথ অভিযান চলাই বিগত ২৪ ঘন্টাত ৩০ একৰ অবৈধ আফিং (পপি) খেতি ধ্বংস কৰে। কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত এই অভিযান চলাইছিয়।

শনিবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, প্ৰথমটো অভিযানত চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ থানা এলেকাৰ মঙকেন অঞ্চলত ২০ একৰ অবৈধ আফিং খেতি ধ্বংস কৰা হয়। ৰাজ্যত অবৈধ ড্ৰাগছ খেতিৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে এই কাৰ্য সংঘটিত কৰা হৈছে।

আন এক অভিযানত সেনাপতি জিলাৰ মাও থানা এলেকাৰ কাংজুং হিল ৰেঞ্জ এলেকাত ১০ একৰ আফিং খেতি ধ্বংস কৰা হয়। খেতি কৰা স্থানত নিৰ্মাণ কৰা তিনিটা অস্থায়ী জুপুৰিও ভাঙি পেলোৱা হয়।

বিষয়াসকলে কয় যে এই ব্যৱস্থা আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে অবৈধ নিচাযুক্ত শস্য ৰোধ কৰা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande