
যোৰহাট, ২১ ফেব্ৰুৱাৰী (হি.স.): যোৰহাটৰ বিভিন্ন বাসগৃহ, ফ্লেট আদিত চোৰৰ লুট পাত অব্যাহত আছে। ইয়াৰ মাজতে বিভিন্ন বাসগৃহ, ফ্লেট আদিৰ পৰা লাখ লাখ টকাৰ মূল্যবান আ অলংকাৰ লুটি নিয়া ৫ জনীয়া এটা মিঞা চোৰৰ গেং গ্ৰেপ্তাৰ হৈছে দৰং জিলাৰ দলগাৱঁত।
যোৰহাট আৰক্ষীৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা দলটো সদস্য কেইজন হৈছে ক্ৰমে লোকমান আলি, চৈদুৰ ৰহমান আবু বক্কৰ ছিদ্দিকি, নুৰ মহম্মদ হাইদৰ আলি। চোৰৰ গেংটোৰ পৰা প্ৰায় ৩০ লাখ টকাৰ আ অলংকাৰ উদ্ধাৰ হৈছে। আজি যোৰহাট আৰক্ষীয়ে জিম্মাত লয় চোৰৰ গেংটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ