
দৰং, ২১ ফেব্ৰুৱাৰী (হি.স.)। ছিপাঝাৰ এৰাবাৰীত পৰিণত হ'ল ছিপাঝাৰৰ পুনিয়াৰ ৰেচম পাম। নাই কোনো উৎপাদন। শিপিনী সকলৰ বাবে নাই কোনো সা-সুবিধা। আনহাতে পলু পালকৰ বাবে ১ লাখ ৫০ হাজাৰ টকীয়া পলু পোহা গৃহৰ সুবিধা নাপায় প্ৰকৃত পলু পালকে।
এনে বিভিন্ন অভিযোগত পুনিয়া ৰেচম পামত একাংশ শিপিনীৰ সৈতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ছিপাঝাৰ শাখাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা