
ৰাষ্ট্ৰবিৰোধী আখ্যাৰে ৰাহুল গান্ধীৰ প্ৰকিকৃতি দাহ যুৱ মৰ্চাৰ
গুৱাহাটী, ২১ ফেব্ৰুৱাৰী (হি.স.)। বিশ্বৰ চকুত ভাৰতবৰ্ষক বদনাম কৰি আত্মতৃপ্তি লাভ কৰাটো কংগ্ৰেছৰ বংশগত অভ্যাস। ভাৰতৰ আভ্যন্তৰীণ গণতন্ত্র, প্ৰতিৰক্ষা ব্যৱস্থাৰ লগত জড়িত সৈনিক সকলৰ পৰাক্ৰমক লৈ প্রশ্ন কৰিবলৈ কুণ্ঠাবোধ নকৰা কংগ্ৰেছৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সদায়ে দেশৰ গৌৰৱময় ইতিহাসৰ লগতে ভাৰতীয় সভ্যতা-সংস্কৃতিক সদায়ে বিশ্ব সমাজত বিকৃত ৰূপত উত্থাপন কৰি আহিছে ।
কংগ্ৰেছৰ বৰঘৰত বহিয়ে ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী, ছোনীয়া গান্ধী, মল্লিকার্জুন খার্গে, গৌৰৱ গগৈ আদিৰ দৰে নেতাই দেশবিৰোধী ষড়যন্ত্ৰৰ মায়াজাল ৰচনা কৰে। এই ষড়যন্ত্ৰৰে বহিঃপ্রকাশ হিচপে যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ৰাহুল গান্ধীৰ নিৰ্দেশত কংগ্ৰেছ কৰ্মীসকলে ভাৰতবৰ্ষক বিশ্বৰ সন্মুখত লজ্জানত কৰে । বিশ্বৰ ১০০ খন দেশতকৈ অধিক প্রতিনিধি, ২০ গৰাকীতকৈ অধিক ৰাষ্ট্ৰ প্ৰধান তথা কেইবাটাও আগশাৰীৰ কোম্পানীৰ মুখ্য ব্যক্তিৰে সমৃদ্ধ আন্তঃৰাষ্ট্ৰীয় কৃত্রিম বুদ্ধিমত্তা সম্মিলনত কংগ্রেছ কর্মীসকলে অতি দৃষ্টিকটুভাৱে ভাৰতবৰ্ষক অপমানিত কৰিবলৈ দুষ্কার্য সম্পাদন কৰে। এই দুষ্কাৰ্যৰ বাবে সমগ্র ভাৰতবাসী লজ্জিত হোৱাই নহয় কংগ্ৰেছৰ এই কাৰ্যক দেশবিৰোধী কার্যকলাপ বুলিও গণ্য কৰে। আজি অসম প্রদেশ বিজেপি, যুৱ মৰ্চাৰ উদ্যোগত আৰু অসম যুৱ পৰিষদৰ সহযোগত সহস্রাধিক কাৰ্যকৰ্তাই কংগ্ৰেছৰ দেশবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত প্রতিবাদত প্রদেশ বিজেপিৰ সভাপতি ৰাকেশ দাসৰ লগতে যুৱ মৰ্চাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। বাহুল গান্ধী প্রতিকৃতি দাহেৰে দেশ বিৰোধী ৰাহুল গান্ধী গ' বেক, যুৱ কংগ্ৰেছ মুর্দাবাদ, ৰাহুল গান্ধী মুর্দাবাদ, পাকিস্তানীৰ এজেন্ট গৌৰৱ গগৈ মুর্দাবাদ আদি শ্ল'গানেৰে যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে ৰাজপথ উত্তাল কৰি তোলে। যুৱ মৰ্চাৰ সভাপতি গৰাকীয়ে কয় যে-ৰাহুল গান্ধী এগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক দালাল। ৰাহুল গান্ধীৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ সম্মান বিঘ্নিত হৈছে। ভাৰতবিৰোধী জৰ্জ চ'ৰাছৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কংগ্রেছ কর্মী সকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতবৰ্ষক হাঁহিয়াতৰ পাত্ৰ কৰিলে । ২০০৪ পৰা ২০১৪ চনলৈ কংগ্ৰেছৰ শাসনকালত দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি দিয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত কৃত্রিম বুদ্ধিমত্তাৰ সম্মিলন হোৱাই নহয় দেশৰ যুৱ প্ৰজন্মৰ প্ৰতিভাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে।
দেশৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা তথা দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰাষ্ট্ৰবিৰোধী ৰাহুল গান্ধীক যুৱ মৰ্চাৰ সভাপতি গৰাকীয়ে সকিয়াই দিয়ে বুলি আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্রেছ বিবৃতি যোগে মুখপাত্র প্রাঞ্জল কলিতাই জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী