চমকপ্ৰদ ৰূপত উভতিছে ৰজনীকান্ত আৰু কমল হাছান
দক্ষিণ চিনেমাৰ দুই কিংবদন্তি তাৰকা কমল হাছান আৰু ৰজনীকান্ত পুনৰবাৰ শিৰোনামত। প্ৰায় ৪৭ বছৰৰ পাছত দুয়োগৰাকী ছুপাৰষ্টাৰক একেলগে ডাঙৰ পৰ্দাত দেখা যাব, যিয়ে অনুৰাগীৰ মাজত অপৰিসীম উত্তেজনাৰ সৃষ্টি কৰিব। বহু প্ৰত্যাশিত এই ছবিখনৰ প্ৰথমটো প্ৰমো মুক্তি পো
रजनीकांत, कमल हासन - फोटो सोर्स एक्स


দক্ষিণ চিনেমাৰ দুই কিংবদন্তি তাৰকা কমল হাছান আৰু ৰজনীকান্ত পুনৰবাৰ শিৰোনামত। প্ৰায় ৪৭ বছৰৰ পাছত দুয়োগৰাকী ছুপাৰষ্টাৰক একেলগে ডাঙৰ পৰ্দাত দেখা যাব, যিয়ে অনুৰাগীৰ মাজত অপৰিসীম উত্তেজনাৰ সৃষ্টি কৰিব। বহু প্ৰত্যাশিত এই ছবিখনৰ প্ৰথমটো প্ৰমো মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বৰ্তমান ক'ডনেম কেএইচxআৰকে নামৰ এই ছবিখনৰ পৰিচালনা কৰিছে প্ৰখ্যাত পৰিচালক নেলছন দিলীপ কুমাৰে। মুক্তি পোৱা প্ৰ’ম’টোত দুয়োগৰাকী তাৰকাক একেলগে গেৰেজৰ মাজেৰে খোজ কাঢ়ি যোৱা দেখা গৈছে। বেকগ্ৰাউণ্ডত অনিৰুদ্ধ ৰবিচন্দৰৰ ৰেট্ৰ’ ষ্টাইলৰ সংগীতে পৰিৱেশটো আৰু অধিক বৃদ্ধি কৰে। ভিডিঅ’টোত ৰজনীকান্তে নিজৰ বৈশিষ্ট্যপূৰ্ণ শৈলীত গাড়ীৰ চাবি কমল হাছানৰ হাতত তুলি দিয়ে, তাৰ পিছত কমলক চালকৰ আসনত বহি থকা দেখা যায়।

পৰিচালক নেলচন দিলীপ কুমাৰে ছ’চিয়েল মিডিয়াত এই প্ৰ’ম’টো শ্বেয়াৰ কৰি কেৰিয়াৰৰ এক স্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰাৰ লগতে দুয়োগৰাকী কিংবদন্তি অভিনেতাৰ সৈতে কাম কৰি গৌৰৱ প্ৰকাশ কৰে।

খবৰ অনুসৰি বছৰ বছৰ পিছত মুখামুখি হোৱা দুজন বয়সীয়াল গেংষ্টাৰক লৈ ছবিখন আবদ্ধ। পৰিস্থিতিয়ে তেওঁলোকক অপৰাধৰ জগতখনলৈ ঘূৰাই আনে, য’ত পুৰণি প্ৰতিদ্বন্দ্বিতা, অসমাপ্ত কাহিনী আৰু নতুন প্ৰত্যাহ্বানৰ উন্মেষ ঘটে।

এই ছবিখনৰ প্ৰতি দৰ্শকৰ বহু আশা আছে আৰু বিশ্বাস কৰা হয় যে কমল হাছান আৰু ৰজনীকান্তৰ এই আইকনিক যুটিয়ে বক্স অফিচত নতুন অভিলেখ গঢ়িব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande