
গোলাঘাট, ২১ ফেব্ৰুৱাৰী (হি.স.)। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 'চল যাব স্কুল' শীৰ্ষক এক অভিযান । বোকাখাতত অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইকৰ উদ্যোগত এই অভীযানৰ কাৰ্যসূচী ।
বোকাখাতৰ গেলেকা বালিজান বনুৱা প্ৰাথমিক বিদ্যালয়ৰ আন্ত:গাঠনিৰ দূৰ্বলতা দেখি হতবম্ভ চাহ জনজাতি ছাত্ৰ সন্থা । আটছাৰ কেন্দ্ৰীয় সভাপতিৰ লগতে গোলাঘাট জিলা সমিতি আৰু বোকাখাত শাখা সমিতিৰ অভিযোগ মতে 'প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক পঢ়ৎচন' আঁচনিত অন্তভূক্ত নহ'ল এই বিদ্যালয়খন । বোকাখাত পশ্চিম শিক্ষা খণ্ড কাৰ্যালয়ৰ হেমাহিত ১৯৬৬ চনতে স্থাপন হোৱা বিদ্যালয়খন কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হোৱাত ক্ষোভ ছাত্ৰ সংগঠনটোৰ ।
আটছাৰ সভাপতিজনে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক পেঞ্চিল, কলম আৰু মিঠাই বিতৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু