শিৱসাগৰত জিলা কৃষি বিভাগৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচীত অভিভাৱক মন্ত্ৰী ড° ৰণোজ পেগুৰ অংশগ্ৰহণ
শিৱসাগৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। শিৱসাগৰত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ড° ৰণোজ পেগু। জিলা কৃষি বিভাগৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচী উদ্বোধন কৰে অভি
শিৱসাগৰত জিলা কৃষি বিভাগৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচীত অভিভাৱক মন্ত্ৰী ড° ৰণোজ পেগুৰ অংশগ্ৰহণ


শিৱসাগৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। শিৱসাগৰত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ড° ৰণোজ পেগু। জিলা কৃষি বিভাগৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচী উদ্বোধন কৰে অভিভাৱক মন্ত্ৰী ড° ৰণোজ পেগুৱে।

এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণ উপ-আঁচনি (এছএমএএম)ৰ অধীনত জিলাখনৰ ৫৮ গৰাকী কৃষকক পাৱাৰ টিলাৰ বিতৰণ কৰা হয় । পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচীত জিলা আয়ুক্ত মৃদুল যাদৱ,জিলা কৃষি বিষয়া অমৃত কুমাৰ শইকীয়া, কাৰ্য্যবাহী অভিযন্তা ভূপেন দাসকে ধৰি কৃষি বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।

ইফালে সাংবাদিকৰে বাৰ্তালাপত আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে শিৱসাগৰ জিলাৰ তিনিওটা সমষ্টিতে বি জে পি প্ৰাৰ্থী বিপুল ভোটত জয়ী হ’ব।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande