
ডিব্ৰুগড়, ২১ ফেব্ৰুৱাৰী (হি.স.): ডিব্ৰুগড় মহানগৰৰ মেডিকেল তিনি আলিত যোৱা কালি শুকুৰবাৰে নিশা ১২ চকীয়া মালবাহী ট্ৰেইলাৰৰ চালকৰ উদ্ভণ্ডালিয়ে আতংকৰ সৃষ্টি কৰে। পথৰ কাষত ৰখাই থোৱা এখন মটৰ চাইকেল মহতীয়াই প্ৰায় ২০০মিটাৰ চোচৰাই লৈ যায় ট্ৰেইলাৰ খনে। স্থানীয় ৰাইজে আগভেটি ধৰি কৰায়ত্ত কৰে ট্ৰেইলাৰ খনৰ চালক জনক।
জানিব পৰা মতে ট্ৰেইলাৰ খনৰ চালক জন অধিক মাত্ৰাত মদ্যপান কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ উপৰিও চালক জনক কৰায়ত্ব কৰি গাভৰু পথাৰ আৰক্ষী চকীলৈ লৈ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ