বিধ্বস্থ পথৰ বাবে বৃহত্তৰ ফকিৰগঞ্জ বাসী ৰাইজৰ নৰক যন্ত্ৰণা ভোগ
এটা পথৰ বাবে নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে বৃহত্তৰ ফকিৰগঞ্জ বাসী ৰাইজ।
বিধ্বস্থ পথৰ বাবে বৃহত্তৰ ফকিৰগঞ্জ বাসী ৰাইজৰ নৰক যন্ত্ৰণা ভোগ


ধুবুৰী, ২১ ফেব্ৰুৱাৰী (হি.স.): এটা পথৰ বাবে নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে বৃহত্তৰ ফকিৰগঞ্জ বাসী ৰাইজ।গৰাখহনীয়াই বিধ্বস্ত কৰা ফকিৰগঞ্জত প্ৰায়েই ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ।

ধুবুৰী জিলাৰ ৯ নং বিৰসিং জৰুৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত আইৰকাটা - ফকিৰগঞ্জ সংযোগী একমাত্ৰ পথছোৱা গৰা খহনীয়াৰ কৱলত পৰি নৈৰ বুকুত বিলীন হোৱাত বিধ্বস্ত পথৰে বহুত কষ্টেৰে যাতায়ত কৰিব লগীয়া হৈছে হাজাৰ হাজাৰ ৰাইজ । উক্ত পথেৰে প্ৰতিদিনে প্ৰায় ২০ খনকৈ বাছগুৱাহাটীলৈ যাতায়ত কৰে, কেতিয়াবা বালিৰ মাজত আৱদ্ধ হৈ পৰে বাছ সমূহ। অতি সোনকালেই স্থায়ী ভাৱে যাতায়ত ব্যৱস্থা সুচল কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande