মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিব বৰপেটাৰোড- মানাহ সংযোগী পথ নিৰ্মাণৰ কাম
মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰপেটাৰোড- মানাহ সংযোগী পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব।
মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিব বৰপেটাৰোড- মানাহ সংযোগী পথ নিৰ্মাণৰ কাম


বৰপেটা, ২১ ফেব্ৰুৱাৰী (হি.স.): প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চ মাহত বৰপেটাৰোড- মানাহ সংযোগী পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব।যোৱা কালি শুকুৰবাৰে বিয়লি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পথ নিৰ্মানৰ পূৰ্বে প্ৰাক নিৰ্মান সংক্ৰান্তিয় কাম কাজৰ শুভাৰম্ভ কৰে। এক্সেভেটৰৰ চালকৰ আসনত বহি মন্ত্ৰী দাসে নিজেই পথৰ নিৰ্মাণৰ পূৰ্বে প্ৰাক নিৰ্মাণ সংক্ৰান্তীয় কামসমূহৰ শুভাৰম্ভ কৰে।

উল্লেখ্য অসম চৰকাৰৰ অসম মালা ৩.০ আঁচনিৰ অধীনত ৭১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বৰপেটাৰোড মানাহ সংযোগী পথ।বৰপেটাৰোড শিমলাগুৰীৰ পৰা মানাহ অভয়াৰণ্যৰ বাহবাৰীলৈ পথটিৰ নিৰ্মাণকাৰ্য মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰ্চুৱেলি শুভাৰম্ভ কৰিব। নিৰ্মান কাৰ্যৰ পূৰ্বে প্ৰাক নিৰ্মান সংক্ৰান্তীয় কামসমূহৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এক্সেভেটৰৰ চালকৰ আসনত বহি নিজ হাতে প্ৰাক নিৰ্মাণ সংক্ৰান্তীয় কামসমূহ শুভাৰম্ভ কৰে।

বিধস্ত হোৱা পথটি যাতায়তৰ বাবে যমৰ যাতনাত ভুগিব লগা হৈছে ৰাইজে । তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মান কাৰ্য্য শুভাৰম্ভৰ পূৰ্বে মন্ত্ৰী ৰণজিৎ দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই পথটি প্ৰাক নিৰ্মান সংক্ৰান্তীয় কামসমূহ আৰম্ভ কৰি যাতায়ত সুচল কৰি দিয়াৰ বাবে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী ৰঞ্জিত দাসৰ অনুৰোধ ৰক্ষা কৰি তাৎক্ষণিক ভাৱে পথটি নিৰ্মাণৰ প্ৰাক নিৰ্মান সংক্ৰান্তীয় কামৰ শুভাৰম্ভ কৰাৰ বাবে পথ নিৰ্মানৰ দায়িত্ব লাভ কৰা ঠিকাদাৰক নিৰ্দেশ প্ৰদান কৰা আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উপস্থিতি হৈ নিজেই এক্সেভেটৰৰ চালকৰ আসনত পথটি প্ৰাক নিৰ্মান সংক্ৰান্তীয় কামৰ শুভাৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande