
যোৰহাট, ২১ ফেব্ৰুৱাৰী (হি.স.)। তিতাবৰত বিলাসী ক্ৰেটা বাহন সহ ধৃত গভাইত গাড়ী চোৰ। ধৃত চোৰটোক যোৰহাট জিলাৰ মৰিয়নি কঁঠালগুৰি বিলগাঁও আলুভেটিৰ ৰঞ্জিত নায়ক বুলি জানিব পৰা হৈছে। যোৱা নিশা তিতাবৰ নগৰৰ বিবিজান অঞ্চলৰ পৰা এখন চাইকেল চুৰি কৰিবলৈ লওঁতেই স্থানীয় ৰাইজে হাতে - লোটে কৰায়ত্ত কৰি চোৰটোক তিতাবৰ আৰক্ষীৰ হাতত গতাই দিয়ে।
ধৃত চোৰ ৰঞ্জিত নায়কৰ জিম্মাৰ পৰা আৰক্ষীয়ে এখন চাইকেল আৰু এএছ ০৪ ইউ ৭৪১১ নম্বৰৰ এখন ক্ৰেটা(CREATA ) বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বাহন খন মৰিয়নী ৰে'ল ষ্টেচনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে । বাহন খন শিৱসাগৰৰ এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে চোৰটোক জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু