নেপালত দুটা দলৰ কৰ্মীৰ মাজত সংঘৰ্ষ, আৰক্ষীৰ লাঠি চালনা
কাঠমাণ্ডু, ২১ ফেব্ৰুৱাৰী (হি.স.)। নেপালৰ সুনছাৰীৰ ভোকৰাহাত নেপালী কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ কৰ্মীৰ মাজত সংঘৰ্ষ দমন কৰিবলৈ আৰক্ষীয়ে লাঠি চালনাৰ আশ্ৰয় লয়। আৰক্ষীৰ মতে, নেপালী কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী জ্ঞানেন্দ্ৰ কাৰ্
सुनसरी में दो दलों के बीच झड़प


কাঠমাণ্ডু, ২১ ফেব্ৰুৱাৰী (হি.স.)। নেপালৰ সুনছাৰীৰ ভোকৰাহাত নেপালী কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ কৰ্মীৰ মাজত সংঘৰ্ষ দমন কৰিবলৈ আৰক্ষীয়ে লাঠি চালনাৰ আশ্ৰয় লয়।

আৰক্ষীৰ মতে, নেপালী কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী জ্ঞানেন্দ্ৰ কাৰ্কীয়ে ৪ নম্বৰ সুনছাৰি সমষ্টিৰ ভোকৰাহাত নিৰ্বাচনী সভাত ভাষণ দিবলৈ গৈ থকা অৱস্থাত কাৰ্কীয়ে বাটত আৰ এছ পিৰ একাংশ কৰ্মীৰ সন্মুখীন হয়, যাৰ ফলত কাজিয়াৰ সৃষ্টি হয় আৰু এয়া সংঘৰ্ষলৈ পৰিণত হয়। দুয়োপক্ষৰ কৰ্মীসকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠি চালনাৰ আশ্ৰয় লয়, যাৰ ফলত দুয়োপক্ষৰ পৰা এক ডজনৰো অধিক কৰ্মী আহত হয়।

সুনছাৰীৰ উপ-আৰক্ষী অধীক্ষক কেশৱ থেভে সংবাদ মাধ্যমৰ আগত কয় যে নেপালী কংগ্ৰেছৰ ভগ্নী সংগঠন তৰুণ দল আৰু আৰ এছ পিৰ মাজত সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে লাঠি চালনা কৰিবলগা হয়। আৰ এছ পিৰ একাংশ কৰ্মীক আটক কৰি পিছত মুকলি কৰি দিয়া হয়। প্ৰশাসনে দুয়োটা দলৰ নেতাসকলক প্ৰশাসনৰ অজ্ঞাতে একে সময়তে কোনো ৰাজনৈতিক অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ সকীয়াই দিছে।

নেপালী কংগ্ৰেছ প্ৰাৰ্থী কাৰ্কীৰ মতে, ভোকৰাহাত নিৰ্বাচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা কংগ্ৰেছ কৰ্মীক আৰ এছ পি কৰ্মীয়ে গালি-গালাজ কৰাৰ পিছত পৰিস্থিতি উত্তেজিত হৈ পৰে। এই ঘটনাৰ পিছতে তাত আৰক্ষী বাহিনী মোতায়েন কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande