
কাঠমাণ্ডু, ২১ ফেব্ৰুৱাৰী (হি.স.)। নেপালৰ মধেশ প্ৰদেশৰ ৰাউতহাট জিলাৰ গৌৰ পৌৰসভাৰ সংগড় গাঁৱত দুটা জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা বিবাদ গুৰুতৰ বিবাদলৈ পৰিণত হৈছে আৰু তিনিদিন পিছতো সমাধান নোহোৱাকৈয়ে আছে।
বৃহস্পতিবাৰে নিশা সৰু কাজিয়া হিচাপে আৰম্ভ হোৱা কথাটোৱে অগ্নিসংযোগ আৰু লণ্ড ভণ্ডৰ ৰূপ লৈছিল।
আৰক্ষীৰ মতে, বিবাহ অনুষ্ঠানৰ সময়ত বজোৱা সংগীতক লৈ এই বিবাদৰ সৃষ্টি হয়। বাজি থকা সংগীতে ওচৰৰ মছজিদত নিশাৰ নামাজৰ সময়ত পৰিস্থিতি অধিক উত্তেজনাময় কৰি তুলিছিল, যাৰ ফলত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু একাংশ লোকৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হয়। শুকুৰবাৰে পুৱা পুনৰ দুয়োপক্ষৰ মাজত শিলগুটি নিক্ষেপ হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ফলত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, এই অশান্তি ক্ৰমান্বয়ে ওচৰৰ অন্যান্য অঞ্চললৈ বিয়পি পৰিছে।
ইফালে, পৰিস্থিতিৰ অৱনতি ঘটা পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই গৌৰ-৬ৰ একাংশ অঞ্চলত ৰাউতহাট জিলা প্ৰশাসন কাৰ্যালয়ে সান্ধ্য আইন জাৰি কৰিছে। মুখ্য জিলা বিষয়াই জাৰি কৰা এক অধিসূচনা অনুসৰি আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত পৰৱৰ্তী জাননী নিদিয়ালৈকে সভা, শোভাযাত্ৰা, সভা, ধৰ্ণা, শ্লোগান, আৰু অনুৰূপ কাম-কাজ নিষিদ্ধ কৰা হৈছে।
অধিসূচনাখনত উল্লেখ কৰা হৈছে যে নিৰ্দিষ্ট এলেকাত পাঁচজনতকৈ অধিক লোকৰ সমাগম হোৱাটো নিষিদ্ধ কৰা হৈছে আৰু বিক্ষোভ বা উত্তেজক কাৰ্য্যকলাপ নিষিদ্ধ কৰা হ’ব। প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে গৌৰ পৌৰসভাৰ স্পৰ্শকাতৰ অঞ্চলত নিষেধাজ্ঞা আদেশ জাৰি কৰা হৈছে আৰু এই নিৰ্দেশ উলংঘা কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
স্থানীয় বাসিন্দাসকলক শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিয়া বা বিয়পাই নিদিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে। অঞ্চলটোত নিৰাপত্তা ব্য়ৱস্থা কটকটীয়া কৰা হৈছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া