জটিল ৰোগত আক্ৰান্ত এজন যুৱকৰ সহায়ৰ আৰ্জি
জটিল ৰোগত আক্ৰান্ত এজন যুৱক।
জটিল ৰোগত আক্ৰান্ত এজন যুৱকৰ সহায়ৰ আৰ্জি


গোলাঘাট, ২১ ফেব্ৰুৱাৰী (হি.স.): জটিল ৰোগত আক্ৰান্ত গোলাঘাটৰ দেৰগাঁৱৰ এজন যুৱকে চিকিৎসাৰ বাবে সহায়তাৰ আৰ্জি জনাইছে । দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত মাছকটা গাঁৱৰ ২২ বছৰীয়া যুৱক অভিজ্ঞান ভঁৰালী পাকস্থলীৰ এক জটিল ৰোগত আক্ৰান্ত হৈ বিগত তিনি বছৰ ধৰি শয্যাগত হৈ আছে ।

ৰজাঘৰীয়াই তথা কোনো সহৃদয়ৱান ব্যক্তিৰ পৰা কিঞ্চিৎমান হ'লেও সহায় আশা কৰিছে পৰিয়ালৰ লোক সকলে। এই পিতৃহাৰা যুৱক জনে মাতৃৰ বেংক একাউন্ট নম্বৰ দি চিকিৎসাৰ বাবে কিছু সহায় বিচাৰিছে ৰাজ্যবাসীৰ পৰা। সহৃদয় জনে উল্লেখ কৰা বেংক একাউণ্ট নাম্বৰত জুৰি ভঁৰালী(মাতৃ)-0605010162949, PNB ,IFSC: PUNB0060520 সহায়তা আগবঢ়াব পাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande