
শিৱসাগৰ, ২১ ফেব্ৰুৱাৰী (হি.স.)। শিৱসাগৰত অসম চৰকাৰৰ কেবিনেট তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ড° ৰণোজ পেগু। জিলা কৃষি বিভাগৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচীত আজি অংশগ্ৰহণ মন্ত্ৰী গৰাকীৰ। নিৰ্বাচন সম্পৰ্কে মন্ত্ৰী গৰাকীৰ মন্তব্য- শিৱসাগৰ জিলাৰ তিনিওটা সমষ্টিতে বি জে পি দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হব।
কৃষি যান্ত্ৰিকীকৰণ উপ-আচনি (SMAM) ৰ অধীনত জিলা খনৰ ৫৮ গৰাকী কৃষকক পাৱাৰ টিলাৰ বিতৰণ কৰা হয়। পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচী উদ্বোধন কৰে অভিভাৱক মন্ত্ৰী ড° ৰণোজ পেগুৱে। পাৱাৰ টিলাৰ বিতৰণ কাৰ্য্যসূচীত জিলা আয়ুক্ত মৃদুল যাদৱ, জিলা কৃষি বিষয়া অমৃত কুমাৰ শইকীয়া ,কাৰ্য্যবাহী অভিযন্তা ভূপেন দাসকে ধৰি কৃষি বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু